ETV Bharat / state

নিৰ্দলীয়ই গঠন কৰিব পৌৰসভা: শিবিৰ সলাব পাৰে জয়ী বিজেপি প্ৰাৰ্থীয়ে

author img

By

Published : Mar 14, 2022, 4:44 PM IST

মৰিয়নীত ৰাজনীতিৰ ওলোটা পাক ৷ জয়ী নিৰ্দলীয় প্ৰাৰ্থীয়ে গঠন কৰিব পৌৰসভা (Mariyani municipal board) ৷ জয়ী বিজেপি প্ৰাৰ্থীয়েও নিৰ্দলীয় গোটৰ সৈতে হাত মিলোৱাৰ বাবে অব্যাহত ৰাখিছে যোগাযোগ ৷

Mariyani municipal board
নিৰ্দলীয়ই গঠন কৰিব পৌৰসভা

যোৰহাট, 14 মাৰ্চ: মৰিয়নীত পৌৰসভা গঠন নকৰে বিজেপি দলে ৷ এগৰাকী বিজেপি সদস্যইও যোগদান কৰিব নিৰ্দলীয় গোটত (elected independent candidates will form Mariani municipal board ) ৷ ৮ জন নিৰ্দলীয় পৌৰ সদস্য একত্ৰিত হৈ নিৰ্দলীয়ভাৱে গঠন কৰিব পৌৰসভা (Mariyani municipal board)। পৌৰসভা নিৰ্বাচন আহিল আৰু গ’ল ৷ কিন্তু মৰিয়নীত পৌৰসভা নিৰ্বাচন যোৱাৰ পিছতো বলি আছে নিৰ্বাচনী গৰম বতাহ ।

নিৰ্দলীয়ই গঠন কৰিব পৌৰসভা

মৰিয়নী পৌৰসভা নিৰ্বাচনত ধূলিসাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ হোৱাৰ সমান্তৰালকৈ উপ-নিৰ্বাচনত বৃহৎ সংখ্যক ভোট লৈ অভিলেখ সৃষ্টিৰে জয়ী হোৱা বিজেপি দলে পৌৰসভা নিৰ্বাচনত মুখ থেকেঁচা খায় (municipal election debacle of BJP in Mariani) ৷ পৌৰসভাখনৰ ১০ টা ৱাৰ্ডৰ মাত্ৰ ২ টা ৱাৰ্ডতহে জয়ী হ’বলৈ সক্ষম হ’ল শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ৷ তাৰ বিপৰীতে ৮ টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈ এক নতুন অভিলেখ সৃষ্টি কৰিলে ।

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা পাছত নিশা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জয়ী নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত উপস্থিত হৈ পৌৰসভাখন বিজেপি দলে গঠন কৰি বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ কিন্তু সোমবাৰে নিৰ্দলীয় ৮ গৰাকী প্ৰাৰ্থী একত্ৰিত হৈ জানিবলৈ দিয়ে যে তেওঁলোকে বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই আৰু দলটোত যোগদান নকৰে৷ লগতে নিৰ্দলীয়ভাৱে মৰিয়নী পৌৰসভা গঠন কৰিব বুলিও জানিবলৈ দিয়ে ৷

গুৰুত্বপূৰ্ণ কথা যে, ইতিমধ্যে বিজেপি দলৰ পৰা জয়ী হোৱা দুগৰাকী প্ৰাৰ্থীৰ এগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে জয়ী হোৱা প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ অচিৰেই বিজেপি দল ত্যাগ কৰি এগৰাকী জয়ী বিজেপি প্ৰাৰ্থীয়ে নিৰ্দলীয় গোটত যোগদান কৰিব বুলি জানিবলৈ দিয়ে নিৰ্দলীয়টোৱে ।

লগতে পঢ়ক: বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.