ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন - বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকা

ভাৰতবৰ্ষৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি ৷ স্বাধীন ভাৰতে ভৰি দিলে 76 বছৰত (76th Independence day of India) ৷ দেশজুৰি আজি পালন কৰা হৈছে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়তো এক বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় (Independence Day celebrations at Assam Agricultural University ) ।

independence-day-celebrations-at-assam-agricultural-university-in-jorhat
অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
author img

By

Published : Aug 15, 2022, 10:08 PM IST

যোৰহাট, 15 আগষ্ট: আজি দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়তো এক বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় (Independence Day celebrations at Assam Agricultural University ) । বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ।

যোৰহাটৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বক্তব্য ৰাখি উপাচাৰ্যগৰাকীয়ে কয় যে দেশৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে প্ৰত্যেক কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব । নীতিৰ পৰা নীতিলৈ পৰিৱৰ্তন কৰি মানসিকতাৰ পৰিৱৰ্তন ঘটালেহে আমি সফল হ’ব পাৰিম আৰু দেশখনকো আগবঢ়াই নিব পাৰিম ।

independence-day-celebrations-at-assam-agricultural-university-in-jorhat
অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

শেহতীয়া নীতি আয়োগৰ অধিৱেশনত তৈল মাহজাতীয় আৰু মিলেট প্ৰমচনৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কয় যে ভাৰতীয় শিক্ষা আৰু গৱেষণাৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে । ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও ১৭ দফীয়া আঁচনি ঘোষণা হৈছে ।

আজাদী অমৃত মহোৎসৱৰ সময়তে দুটা সিদ্ধান্ত গ্ৰহণ কৰি কৃষি শিক্ষাক আগবঢ়াই অধিক মান্যতা দিবৰ কাৰণে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙ প্লেটফৰ্ম নামৰ নতুন প্লেটফৰ্ম সৃষ্টি কৰা হৈছে । যাৰ জৰিয়তে স্কিল শিক্ষা দি নৱ প্ৰজন্মক আকৰ্ষিত কৰিব বিচৰা হৈছে বুলি জানিবলৈ দিয়ে উপাচাৰ্যগৰাকীয়ে ।

এই অনুষ্ঠানৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ কৃতিত্ব প্ৰদৰ্শন কৰা বিষয়া কৰ্মচাৰী, প্ৰগতিশীল কৃষক আৰু বিভিন্ন ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা নিৰ্বাচিত কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত কৃষি বিজ্ঞানৰ গুৰুসকল, কৃষি গৱেষণা সঞ্চালক, বিশেষ বিষয়া, বিভাগীয় মূৰব্বী, গৱেষক -বিজ্ঞানী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.