ETV Bharat / state

Illegal Sand Mining: যোৰহাটত বালি মাফিয়াৰ সন্ত্ৰাস, ৰাইজে জব্দ কৰিলে ডাম্পাৰ

author img

By

Published : Nov 4, 2022, 6:37 PM IST

যোৰহাটত অব্যাহত আছে অবৈধ বালি খনন (Illegal sand mining)। স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখিলে বালি খননত ব্যৱহৃত এস্কেভেটৰসহ ডাম্পাৰ । বন বিভাগ আৰু প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ ।

Illegal Sand Mining
যোৰহাটত বালি মাফিয়াৰ সন্ত্ৰাস

যোৰহাট,৪ নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত বালি মাফিয়াৰ সন্ত্ৰাস অব্যাহত আছে । একাংশ দুষ্টচক্ৰই নৈৰ বুকুত খনন চলাই গৈছে যদিও বন বিভাগ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যোৰহাট জিলাতো নৈৰ বুকুত অবৈধভাৱে বালি খনন অব্যাহত ৰাখিছে এক দুষ্টচক্ৰই (Illegal sand mining in Jorhat)।

যোৰহাটত বালি মাফিয়াৰ সন্ত্ৰাস

বিশেষকৈ ভোগদৈ নৈৰ বুকুত শেহতীয়াকৈ এটা চক্ৰই চলাই গৈছে অবৈধ বালি খনন । বন বিভাগ আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ওলাই আহিছে স্থানীয় লোকসকল । বালি খননত ব্যৱহৃত এস্কেভেটৰসহ ডাম্পাৰ আৱদ্ধ কৰি ৰাখিলে স্থানীয় উত্তেজিত লোকে (Public protest against sand mining)।

অভিযোগ অনুসৰি যোৰহাটত ভোগদৈ নৈৰ বুকুত দীৰ্ঘদিন ধৰি বালি মাফিয়াই খনন কাৰ্য চলাই গৈছে । স্থানীয় লোকে অভিযোগ কৰা মতে বালি খননৰ নামত নদীৰ বুকুত বান্ধ দি নদী সুৰক্ষা, খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে দিয়া পাৰকুপাইন খান্দি তহিলং কৰিছে ৪ জনকৈ বালি মাফিয়াই । ফলস্বৰূপে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ।

আদিত্য বৈশ্য নামৰ এজন লোকৰ নামত অনুমতি পত্ৰ থকা বালি মহলতো কেইজনমান বালি মাফিয়াই ঠিকাভিত্তিত লৈ ভোগদৈৰ বুকুত খনন কাৰ্য চলাইছে বুলি অভিযোগ কৰিছে ৰাইজে । ইফালে যোৱা ২০১৬ আৰু ২০১৯ বৰ্ষত দুবাৰকৈ বানে ধ্বংসলীলা চলোৱা উত্তৰ পশ্চিম যোৰহাট মালৌখাত অঞ্চলটোত বালি মাফিয়াৰ এনে কাণ্ডই শংকিত কৰি তুলিছে ৰাইজক । অৱশেষত শুকুৰবাৰে পুৱাই সেই স্থানত উপস্থিত হৈ অঞ্চলটোৰ ৰাইজে বালি খনন চলাই থকা অৱস্থাত এস্কেভেটৰ আৰু ডাম্পাৰ আৱদ্ধ কৰে (Public seized dumper in Jorhat)।

আনকি উত্তেজিত লোকসকলে ভাঙি পেলাই বালি মাফিয়াই তৈয়াৰ কৰা বান্ধ । ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লক্ষণীয়ভাৱে উক্ত অঞ্চলসমূহত দীর্ঘদিনে বালি মাফিয়াৰ তাণ্ডৱ চলি থকাৰ খবৰ বন বিভাগে নোপোৱাটোহে অতি দুৰ্ভাগ্যজনক আখ্যা দিছে স্থানীয় লোকসকলে । ৰাইজে অভিযোগ কৰা মতে মালৌ আলি, মুৰমুৰীয়াৰ চাহ বাগিচা অঞ্চল আৰু ভোগদৈ বাইপাছত একাংশ দুষ্টচক্ৰই এতিয়াও গধুৰ যন্ত্ৰপাতিৰ জৰিয়তে ভৌগদৈৰ বুকুত খনন অব্যাহত ৰাখিছে । কিন্তু সকলো দেখিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে ৰাইজে ।

লগতে পঢ়ক:Land Patta distribution: বনাঞ্চলৰ ভূমিত বাস কৰা ১১ হাজাৰ লোকক পট্টা বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.