ETV Bharat / state

82nd Session of IAEA: অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদলৈ বিশেষ সন্মান - Assam Agricultural University

অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ চন্দন হাজৰিকালৈ ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ ফেল'শ্বিপ । ইম্ফলত অনুষ্ঠিত ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ অধিবেশনত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে তেওঁক এই সন্মান প্ৰদান কৰে (Union Minister Gajendra Singh Shekhawat)।

82nd Session of IAEA
অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদলৈ বিশেষ সন্মান
author img

By

Published : Nov 14, 2022, 10:24 PM IST

যোৰহাট, ১৪ নৱেম্বৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদলৈ বিশেষ সন্মান আগবঢ়োৱা হৈছে (Assam Agricultural University)। বিশ্ববিদ্যালয়খনৰ ড৹ চন্দন হাজৰিকালৈ ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই সন্মানীয় ফেল'শ্বিপ আগবঢ়াইছে (Indian Agricultural Economics Association)। কৃষি অৰ্থনীতিৰ শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিৰ গৱেষকগৰাকীক ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই এই সন্মান প্ৰদান কৰিছে । বিশিষ্ট কৃষি অৰ্থনীতিবিদ তথা অসম কৃষি বিশ্ববিদ্যালয় মুখ্য় গ্ৰন্থাগাৰিক ড৹ চন্দন হাজৰিকাক ২০২২ বৰ্ষৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে (IAEA Fellowship to AAU Chief Librarian) ।

মণিপুৰৰ ইম্ফলত ১১ আৰু ১২ নবেম্বৰত অনুষ্ঠিত ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ ৮২ সংখ্যক অধিবেশনত (82nd Session of IAEA at Imphal) কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ড৹ হাজৰিকাক এই সন্মান প্ৰদান কৰে (Union Minister Gajendra Singh Shekhawat)। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে ড৹ হাজৰিকাই এই সন্মান লাভ কৰিছে ।

আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ মুৰব্বী ড৹ নিবেদিতা ডেকা আৰু সহকাৰী অধ্যাপিকা ড৹ উদেষ্ণা তালুকদাৰৰ "ফ্লাড মেনেজমেন্ট ষ্ট্ৰেটেজিছ এণ্ড ইক'নমিক্স অৱ ষ্ট্ৰেচ টলাৰেণ্ট ৰাইচ ভেৰাইটিছ ইন আছাম" শীৰ্ষক গৱেষণা পত্ৰখন শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে বিবেচিত হয় । ইপিনে, বিশ্ববিদ্যালয়খনৰ গৱেষক শিক্ষাৰ্থী নিহাৰিকা বৰবৰুৱা আৰু দীপজ্যোতি ভৰালী শ্ৰেষ্ঠ গৱেষণা পত্ৰ পৰিবেশক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, ১৯৩৭ চনতে ভাৰতৰ কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে গঠিত ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই ইয়াৰ বাৰ্ষিক অধিবেশনত সৰ্বভাৰতীয় পৰ্যায়ত এই সন্মান আৰু পুৰস্কাৰ সমূহ প্ৰদান কৰি আহিছে । ইম্ফলৰ এই অধিৱেশনৰ সন্মান প্ৰদান অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য ড৹ কমল মল্ল বুজৰবৰুৱাৰ লগতে দেশৰ কেইবাগৰাকী খ্যাতিসম্পন্ন কৃষি অৰ্থনীতিবিদ উপস্থিত থাকে ।

লগতে পঢ়ক:NE States Insurgency Condition : দুটা দশকত উত্তৰ পূৰ্বাঞ্চলত উন্নত হৈছে নিৰাপত্তা পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.