ETV Bharat / state

দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হৰ্ণবিল মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:09 PM IST

দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হোৱা এই হৰ্ণবিল মহোৎসৱত ফ্ৰান্স, জাৰ্মান, জাপান, ইণ্ডোনেছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বলিভিয়া, কলম্বিয়া, পোলেণ্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰে পৰ্যটকে ভিৰ কৰিছেহি ।

Hornbill festival 2023
দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হৰ্ণবিল মহোৎসৱ
দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে হৰ্ণবিল মহোৎসৱ

যোৰহাট, ৬ ডিচেম্বৰ : পৰম্পৰাগত ৰঙেৰে এইকেইদিন ৰঙীন হৈ আছে উত্তৰ-পূৰ্বাঞ্চল থলুৱা পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ ৰাজ্য নাগালেণ্ড । কিয়নো নাগালেণ্ডৰ কিছামা নগা ঐতিহ্যপূৰ্ণ গাঁৱত অনুষ্ঠিত হৈ আছে হৰ্ণবিল মহোৎসৱ । এই হৰ্ণবিল মহোৎসৱত পঞ্চমদিনাও মন্ত্ৰমুগ্ধ কৰা জনগোষ্ঠীয় লোকনৃত্যৰে জীপাল হৈ আছে । লগতে চৌদিশে বিৰাজ কৰিছে এক আনন্দমুখৰ পৰিৱেশ । নগা জাতিৰ পৰম্পৰা উপভোগ কৰিবলৈ তাত সমবেত হৈছে দেশী-বিদেশী বিভিন্ন পৰ্যটক ।

লগতে প্ৰকাশ পাইছে সম্প্ৰীতিৰ একক নিদৰ্শনৰ এক অন্য ছবি । বিগত চাৰিটা দিনৰ দৰে বুধবাৰেও হৰ্ণবিল মহোৎসৱ বিভিন্ন পৰম্পৰা আৰু নগা বৈচিত্ৰ্যময় সংস্কৃতি আৰু চহকী ঐতিহ্যৰ লোককৃষ্টিৰে উজলি উঠে । নগা ঐতিহ্যপূৰ্ণ গাঁও কিচামাত অনুষ্ঠিত হৈ থকা এই হৰ্ণবিল মহোৎসৱৰ আটাইকেইটা দিনেই লোকে লোকাৰণ্য হৈ আছে ।

আনহাতে, পূৰ্বৰ দৰেই দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হোৱা এই হৰ্ণবিল মহোৎসৱত ফ্ৰান্স, জাৰ্মান, জাপান, ইণ্ডোনেছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বলিভিয়া, কলম্বিয়া, পোলেণ্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰে পৰ্যটকে ভিৰ কৰিছেহি । এই মহোৎসৱত নাগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোককৃষ্টিৰ নৃত্য-গীত একে সময়তে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আছে ।

ইয়াৰ সমান্তৰালভাৱে নগা জনগোষ্ঠীৰ নৃত্যৰ তালে তালে বিদেশী পৰ্যটক তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকেও হাতে হাত ধৰি নাচিছে । লগতে পাহাৰীয়া ৰাজ্যখনৰ খাদ্যাভ্যাসৰো জুতি লৈছে বিশ্বৰ নাগৰিকসকলে । এনে মহোৎসৱৰ সুন্দৰ আভাসৰ সংগী হ'বলৈ বিভিন্ন প্ৰান্তৰ পৰাৰ অহা লোকৰ জনসমাগমৰ দ্বাৰা উত্তৰ-পূবৰ চহকী কৃষ্টি-সংস্কৃতি যে বিশ্ব দৰবাৰত বিয়পি হৈ পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত ।

উল্লেখ্য যে নাগালেণ্ডৰ চহকী কৃষ্টি-সংস্কৃতিক বিশ্বৰ বুকুলৈ লৈ যোৱাৰ উদ্দেশ্যৰে আয়োজন কৰা এই হৰ্ণবিল মহোৎসৱে এইবাৰ ২৩ বছৰত ভৰি দিছে । দহদিনীয়াকৈ অনুষ্ঠিত এই হৰ্ণবিল মহোৎসৱ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ১০ ডিচেম্বৰলৈ চলিব ।

লগতে পঢ়ক :স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.