যোৰহাট, ২১ জুলাই: জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা 'ফাদাৰ অৱ জেনেটিক্স' খ্যাত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বি-শতবাৰ্ষিকী কাৰ্যসূচী বুধবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয় (Gregor Johan Mandel birth anniversary observed in Assam Agricultural University)। অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু উদ্ভিদ প্ৰজনন বিভাগৰ উদ্যোগত উক্ত অনুষ্ঠানটো সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ।
উক্ত অনুষ্ঠানত বক্তব্য আগবঢ়াই ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডীয়ে কয় যে কোনো এটা দিশত লাভ কৰা স্বীকৃতিৰ উৰ্ধত গৈ সামগ্ৰিকভাবে জেনেটিক্সৰ পিতৃ সন্মান লাভ কৰা পৰিক্ৰমালৈ যি উত্তৰণ হৈছে সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস । আৱিস্কাৰ তথা সামগ্ৰিক গৱেষণাৰ দিশত তেওঁৰ অৱদানৰ জৰিয়তে আমি এই দিশৰ লগত জড়িতসকল উজ্জীৱিত হ'ব পাৰো । অধ্যাপক পূৰ্ণ বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰণৱ তালুকদাৰেও বক্তব্য আগবঢ়ায় ।
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ তিতাবৰৰ সহযোগত অনুষ্ঠিত সভাখনত অনলাইন ব্যৱস্থাৰে আইৱা ষ্টেট ইউনিভাৰ্চিটিৰ ড°এম কে ভট্টাচাৰ্য আৰু চেন্ট্ৰেল লংকাশ্বায়াৰ ইউনিভাৰ্চিটিৰ প্ৰিষ্টন ড° বজিলুল বাহাৰে বক্তব্য আগবঢ়ায় (The State University of Aaiwa and Central Lankashire University)। বিশ্ববিদ্যালয়খনৰ ছাত্ৰী ৰিচা বৰাই মেণ্ডেলৰ জীৱন আৰু কৰ্মপদ্ধতি সম্পৰ্কে দৃশ্য-শ্ৰব্য ব্যৱস্থাপনাৰে আলোকপাত কৰা সভাখনত প্লেন্ট ব্ৰিডিঙ এণ্ড জেনেটিক্স বিভাগৰ মুৰব্বী ড° কিশোৰ কুমাৰ শৰ্মাইও বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানটোতে মেণ্ডেলৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিমঝিম বৰুৱা, বৈশালী কলিতা, দ্বিতীয় স্থান দখল কৰা ভাস্কৰ জ্যোতি কলিতা, বিপ্লৱ টাইৰ দল আৰু তৃতীয় স্থান লাভ কৰা দীপজ্যোতি বৰ্মণ,অৰ্পণ বুঢ়াগোহাইক পুৰস্কাৰ প্ৰদান কৰা হয় ।