তিতাবৰ, 13 জুলাই: বুধবাৰে তিতাবৰত সংঘটিত হ’ল এক অঘটন । কাছজান নৈত(Kasojan River Titabor) গা ধুবলৈ গৈ সন্ধানহীন হ’ল এগৰাকী যুৱতী ৷ তিতাবৰৰ এলেঙীত সংঘটিত হয় এই ঘটনা ।
SDRF বাহিনীয়ে যুৱতীগৰাকীৰ সন্ধানত অভিযান চলায় যদিও বুধবাৰৰ সন্ধিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল ৷ সন্ধানহীন যুৱতীগৰাকী তিতাবৰৰ ৰঞ্জীতা শইকীয়া ওৰফে খোদি (36) বুলি জানিব পৰা গৈছে (Girl missing at Titabor)।
লগতে পঢ়ক: Narayanpur Student Missing: সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ