ETV Bharat / state

মৰিয়নী কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা - aasu protest demanding justice for debasish

আৰক্ষীয়ে আটক কৰিছে দেৱাশীষৰ চাৰি হত্যাকাৰীক ৷ ঘটনাৰ উচিত তদন্তৰ দাবী বিভিন্ন দল সংগঠন ৷ মৃত দেৱাশীষৰ বাসগৃহত উপস্থিত হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

four apprehended related to mariani mob lynching case sunday
মৰিয়নী কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
author img

By

Published : May 31, 2020, 8:16 PM IST

মৰিয়নী, 31 মে’: মৰিয়নীত সংঘটিত হোৱা গণ প্ৰহাৰ তথা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ক্ৰমাগতভাৱে ৰাজ্যখনত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনা তথা মৰিয়নীত সংঘটিত হোৱা 23 বছৰীয়া চফল যুৱক দেৱাশীষৰ হত্যাকাণ্ডই হতবাক কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ মানৱ জাতিক লজ্জানত কৰা এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবীত দেওবাৰে ৰাজপথ কপাঁলে আছুসহ বিভিন্ন দল-সংগঠনে ৷

মৰিয়নী কাণ্ডৰ উচিত তদন্তৰ দাবীত আছুৰ প্ৰতিবাদ

দেবেৰাপাৰ আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰা বিভিন্ন দল সংগঠন সহ প্ৰতিবাদকাৰী সকলৰ সৈতে আলোচনাৰ বাবে আৰক্ষী চকীত আহি উপস্থিত হয় উচ্চপদস্ত আৰক্ষী বিষয়া ৷ অন্যহাতে আঞ্চলিক ছাত্ৰ সন্থাৰ মৰিয়নী আৰু নকচাৰী আঞ্চলিকৰ সহযোগত যোৰহাট জিলা ছাত্র সন্থাৰ শতাধিক কৰ্মকৰ্তাই আজি দেবেৰাপাৰ চাৰিআলিত ধোদৰ আলি অৱৰোধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ দোষীক কৰায়ত্ত কৰাৰ লগতে ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে ৷

ঘটনাতো সংঘটিত হোৱাৰ সময়ত দেৱশীষৰ পিতৃ আৰু ভগ্নীৰ লগত দেৱশীষক উদ্ধাৰ কৰিবৰ বাবে যোৱা প্ৰতিবেশী পুতুল মাঝিৰ মন্তব্য

উল্লেখযোগ্য যে, বৰ্তমানলৈকে গাভৰু বাগিছাৰ আশীষ নায়ক, শচীন চাঁ‌ওৰা, ৰাধেশ্যাম কুৰ্মী আৰু অশোক চাঁ‌ওৰা নামৰ চাৰিজন হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰনোত্তৰ পৰীক্ষাৰ অন্তত আজি বিয়লি দেৱাশীষৰ নশ্বৰ দেহ মৰিয়নী মিল গাঁওৰ নিজৰ বাসগৃহলৈ অনা হয় ।

দেৱাশীষৰ চোতালত হিয়াভঙা কান্দোনৰ ৰোল

তাৰ পাছতে লোকে লোকাৰণ্য হৈ পৰে দেৱাশীষৰ বাসগৃহ ৷ কান্দোনৰ ৰোল উঠে দুৰ্ভগীয়া দেৱাশীষৰ বাসগৃহত ৷ বাসগৃহত উপস্থিত হয় মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো উচ্চপদস্থ বিষয়া ৷ ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ ঘটনাটো দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ বাবে অতিৰিক্ত জিলা উপায়ুক্ত বিশ্বজিত ফুকনক দায়িত্ব দিয়ে ৷

লগতে পঢ়কঃ হায়দৰাবাদত আৱদ্ধ অসমৰ 20 যুৱকঃ চৰকাৰলৈ সহায়ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.