ETV Bharat / state

টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা

author img

By

Published : Nov 30, 2020, 9:14 PM IST

টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ সোমবাৰে আধ্যাত্মিক পৰিবেশত ৰাইজৰ সহযোগত নামঘৰৰ মণিকূট উদ্ধোধন কৰাৰ লগতে গুৰু আসন ভাগৰো প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

foundation-tample-stone-in-jorhat-teok
টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা

টীয়ক, 30 নৱেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ সোমবাৰে আধ্যাত্মিক পৰিবেশত ৰাইজৰ সহযোগত নামঘৰৰ মণিকূট উদ্বোধন কৰাৰ লগতে গুৰু আসন ভাগৰো প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷

টীয়কৰ মৰিজাঁজী দ গাঁৱৰ 125 বছৰ গৰকা নামঘৰ সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এক পুৰণি ঐতিহাসিক নামঘৰ । এই নামঘৰত অক্টোবৰ মাহত গাঁৱৰ সমূহ ৰাইজে আলোচনামৰ্মে নৱ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাকে প্ৰমুখ কৰি এখন নিৰ্মাণ সমিতি গঠন কৰি এই দায়িত্ব অৰ্পণ কৰাৰ পাছত নামঘৰটো এক নতুন ৰূপত পুনৰ নিৰ্মাণ কৰি গুৰুআসন শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে আধ্যাত্মিক পৰিবেশত ৰাইজৰ সহযোগত নামঘৰৰ মণিকূট উদ্ধোধন কৰাৰ লগতে গুৰু আসন ভাগৰো প্ৰতিষ্ঠা কৰে ।

উল্লেখযোগ্য যে, 120 টা পৰিয়ালৰ লগতে কেইবাখনো গাঁৱৰ সামূহিক উপাসনাৰ স্থান এই নামঘৰত ৰাইজে সমূহীয়াভাবে সেৱা জনাই অনাগত দিনবোৰত সকলোৰে মাজত মিলাপ্ৰীতিৰ লগতে বিশ্বৰ পৰা সকলো অপায়-অমংগল দূৰ কৰিবলৈ প্ৰাৰ্থনা আগবঢ়ায় ।

লগতে পঢ়ক : শ্বহীদক স্মৰণৰে আৰম্ভণি কৰা হৈছে আছুৰ শপত গ্ৰহণ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.