ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্য়ালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন(54th Foundation Day of Assam Agricultural University)। বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে প্ৰতিষ্ঠা দিৱসটি । বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে যোৰহাটবাসীক ।

aau foundation day celebration
অসম কৃষি বিশ্ববিদ্য়ালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Apr 1, 2022, 1:50 PM IST

যোৰহাট, 1 এপ্ৰিল : উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University in Jorhat)ৰ প্ৰাংগণত । ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰূপায়ণ ভিন্ন কাৰ্যসূচী (54th Foundation Day of Assam Agricultural University) । বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জিলিকিল অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ।

পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে স্মৃতি তৰ্পন কৰা হয় । এই কাৰ্যসূচীৰ পাছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural rally at Assam Agricultural University)। উপাচাৰ্যই ফ্লেগ অফ কৰি মুকলি কৰা শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি পদৰ্শন, দেশপ্ৰেমমূলক তথা কৃষিভিত্তিক বিভিন্ন বিষয়-বস্তু উপস্থাপন কৰা হয় ।

aau foundation day celebration
শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ সমগ্ৰ চৌহদ পৰিভ্ৰমণ কৰে

এই শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ সমগ্ৰ চৌহদ পৰিভ্ৰমণ কৰে । বিয়লি বেলাৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী হিতাপে বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ।

উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালে পৰিৱৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় ।

aau foundation day celebration
শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে

সন্ধিয়া বিশ্ববিদ্যালয়ৰ মূল ভৱনসমুহ আলোকিত কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হ'ব ।

লগতে পঢ়ক: ৰাজ্যসভা লৈ নিৰ্বাচিত হৈ বিটিআৰৰ ভূমিত উপস্থিত ৰণগৌৰা নাৰ্জাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.