যোৰহাট, 5 মে': যোৰহাটত কঠোৰ প্ৰশাসন ৷ বলপূৰ্বক বন্ধ কৰিবলৈ বাধ্য ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা সমগ্ৰ ৰাজ্যত দিনৰ দুই বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে এই নীতি নিৰ্দেশনা নমনাৰ ফলত কঠোৰ হৈ পৰিল যোৰহাট জিলা প্ৰশাসন ৷ ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মণৰ নেতৃত্বত দন্ডাধীশকৰ এটা দল আৰু যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰতিষ্ঠানে তহল দি বন্ধ কৰিবলৈ বাধ্য কৰায় ৷
উল্লেখ্য যে, পুৱাৰে পৰাই চহৰখনত ব্যাপক ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছিল ৷ এতিয়াও যেন সাধাৰণ মানুহে বুজি উঠা নাই ক’ভিডৰ ভয়াৱহতা ৷ সেয়েহে জিলা প্ৰশাসনে কঠোৰ পৰা কঠোৰ হৈ পৰিবলৈ বাধ্য হয় ৷
লগতে পঢ়ক : পিতৃৰ অকথ্য নিৰ্যাতনৰ বলি এটি কণমানি