টীয়ক, 22 মে': পুঠীনদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ বৃহত্তৰ বলমা অঞ্চলৰ 10 খনতকৈও অধিক গাঁও। দলং নিৰ্মাণৰে জড়িত ঠিকাদাৰৰ গাফিলতিৰ বাবে এই বানপানীৰ অভিযোগ উঠিছে অঞ্চলটোত।
অভিযোগ অনুসৰি পথটোৰ ওপৰত থকা দলঙৰ কাম কৰিবলৈ গাঁৱবাসীয়ে বাধা দিয়াৰ পাছতো পূৰ্বৰ ৰিংবান্ধটো কাটি পেলাইছিল ঠিকাদাৰে ৷ দলঙৰ কাম সম্পূৰ্ণ হ'লে পুনৰ ৰিংবান্ধটো মেৰামতি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বান্ধটো কাটি সেই মাটিয়ে দলঙৰ দুই মূৰত পেলাই কাম সামৰিলে। স্থানীয় একাংশ সচেতন ব্যক্তিয়ে ঠিকাদাৰক বাৰম্বাৰ অৱগত কৰাৰ পাচতো এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে গাঁৱবাসী। লগতে এই পৰ্যন্ত কোনো খা খবৰ নাই নিৰ্বাচনত ব্যস্ত জনপ্ৰতিনিধিসকলৰো। কাটি পেলোৱা ৰিংবান্ধ মেৰামতি নকৰাৰ ফলতে এতিয়া জীয়াতু ভুগিছে গাঁৱবাসীয়ে।সেয়ে অনতি পলমে এই সমস্যাটো সমাধানৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে।