ETV Bharat / state

মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক ধৰিলে খাদ্যৰ যোগান - মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক দিলে খাদ্য

পানীৰ মাজত মাজুলীৰ এটা চাপৰিত সৰু পোৱালী সহ আবদ্ধ হৈ থকা এটা বৃহৎ বন্য হস্তীৰ জাকে ব্ৰহ্মপুত্ৰৰ বুকুত খাদ্য সংকটত ভুগিছে । সেয়ে মানুহৰ এই চৰম বিপদৰ মাজতো কোনো প্ৰকাৰে এই বন্যহস্তীৰ জাকটোক কিছু খাদ্য যোগাৰ কৰিবলৈ এই অঞ্চলসমূহৰ ৰাইজে বহু চেষ্টা কৰিছে । মাজুলীৰ ৰাইজৰ লগতে স্থানীয় সাংবাদিক সকলৰ সহযোগত গ্ৰহণ কৰা এই পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ তথাকথিত একাংশ ভণ্ড প্ৰকৃতিপ্ৰেমীয়ে শিক্ষা লোৱা উচিত মাজুলীৰ এইসকল লোকৰ পৰা ৷

মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক ধৰিলে খাদ্যৰ যোগান

author img

By

Published : Jul 29, 2020, 8:37 PM IST

যোৰহাট,29 জুলাইঃ যি সময়ত সমগ্ৰ অসমতে হাতী মানুহৰ সংঘাতে সঘনাই বাতৰি শিৰোনাম দখল কৰিছে তেনে সময়তে এইখন অসমৰে একাংশ ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এতিয়া ঘৰ দুৱাৰ খেতি পথাৰ নৈৰ মাজৰ চাপৰি সকলো বুৰাই পেলাইছে। নৈপৰীয়া ৰাইজৰ সমান্তৰালকৈ যমৰ যান্ত্ৰণা ভুগিছে বন্যপ্ৰাণীয়েও । বাঢ়নী পানীৰ ফলত মাজুলীৰ জাঁজীমুখৰ মিঠাই চাপৰি,বালিমাহী চাপৰি,মাজুলিৰ শালমৰা,বনগাঁও,যোগী গাঁও আদি নৈপৰীয়া অঞ্চলত আবদ্ধ হৈ আছে প্ৰায় ১৩০ টাকৈ বনৰীয়া হাতীৰ এটা বৃহৎ জাক ।

মাজুলীৰ ৰাইজৰ বদান্যতাঃ বন্যহস্তীক দিলে খাদ্য

বানপানীৰ বিভীষিকাৰ মাজত এটা ভাল লগা দৃশ্য, যি দৃশ্যই আপোনাক পুলকিত কৰিব ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে মাজুলীত বানত প্লাৱিত হৈছে শ শ গাঁও, চাপৰি, ওখ ভূখণ্ড ৷ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি,তাৰ মাজতে আছে এটা ভাল খবৰ ৷ নিজকে প্ৰকৃতিপ্ৰেমী বুলি জহাই ফুৰা একাংশ তথাকথিত লোকৰ বিপৰীতে মাজুলীৰ এটা ঘটনাই সমগ্ৰতে দৃষ্টি আকৰ্ষণ কৰিছে ৷ বানে ধোৱা মাজুলীৰ পৰিৱেশ সকলোৱে জানে ৷ ভোকাতুৰ বন্যহস্তীৰ প্ৰতি থকা ৰাইজৰ মৰম,ভৰা লুইতৰ বুকুত আবদ্ধ হৈ পৰা এটা বৃহৎ হাতীৰ জাকক অতিথিৰ দৰে আপ্যায়ন কৰিছে মাজুলীৰ একাংশ লোকে ৷ আচৰিত যেন লগা এটা কথা ৷ খাদ্য সংকটত ভোগা বন্য হস্তীৰ দুখ সহ্য কৰিব নোৱাৰি মাজুলীৰ শালমৰা,বনগাঁও,যোগীগাঁ‌ও বেচামৰা,অফলামুখ, দক্ষিণপাট কুমাৰ গাঁৱৰ ৰাইজে বন্যহস্তীক বিগত কেবাদিনো ধৰি যোগান ধৰিছে খাদ্যৰ ৷

FLOOD HIT PEOPLE OF ASSAM SUPPLIES FOOD TO HUNGRY ELEPHANT AT MAJULI ETV BHARAT NEWS
কল, কঠাল, ঔটোঙা সজাই থৈছে হাতীৰ বাবে

হেৰাই যোৱা নাই প্ৰকৃতিপ্ৰেম,তথাকথিত ভণ্ড প্ৰকৃতি প্ৰেমীতকৈ বহু বেছি প্ৰশংসনীয় কাম কৰিছে মাজুলীৰ এই সকল লোকে ৷ বিগত এমাহ ধৰি মাজুলীৰ শালমৰাৰ সমীপৱৰ্তী এটা চাপৰিত বন্দী হৈ থকা হাতীৰ জাকটোলৈ আগবঢ়াইছে কলগছ,কুহিয়াৰ,ঔটেঙা, নিমখ, কঠাল, ধান,ঘাঁহ আদি বিভিন্ন সামগ্ৰী৷ কেবাখনো গাঁৱৰ ৰাইজে আগবঢ়োৱা এই খাদ্য গ্ৰহণ কৰিছে হাতীৰ জাকটোয়ে ৷ একেদৰে মেচিন নাৱেৰে চাপৰিলৈ গৈ নিয়মিতভাৱে খাদ্যৰ যোগান ধৰি আহিছে মাজুলীৰ কেবাখনে গাঁৱৰ ৰাইজে ৷

নাৱেৰে বন্যহস্তীলৈ খাদ্য নি থকা দৃশ্য

যি সময়ত বানপানীত ককবকাই নিজৰ ভেটি মাটি হেৰুৱাই মথাউৰিত আশ্ৰয় ল'বলগা হৈছে বানাক্ৰান্তই,বিপৰীতে মাজুলীৰ এইসকল লোকে নিজৰ কথা নাভাবি হাতীৰ জাকক যোগান ধৰি আহিছে খাদ্য ৷ ভোকাতুৰ বন্য হস্তীৰ মৰণকাতৰ চিঞৰ সহিব নোৱাৰি নিজেই দান বৰঙনি তুলি যোগান ধৰিছে খাদ্য ৷ নিজৰ ঘৰ বাৰী পানীৰ তলত তাৰ মাজতে বন্য হস্তীৰ প্ৰতি ৰাইজৰ এই কৰ্তব্যই দাঙি ধৰিছে অপূৰ্ব প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন ৷

হাতীৰ প্ৰিয় খাদ্য ঔটেঙা সজাই থোৱা হৈছে হাতীলৈ

হস্তী মানৱৰ সংঘাতৰ এখন বিপৰীত প্ৰতিচ্ছবি ৷ ৰাইজে ঘৰে ঘৰে সংগ্ৰহ কৰা চাউল,কঠাল,কল, নিমখ,কলগছ, কুহিয়াৰ,ঔটেঙা,ধান,আদি এখন মেচিন নাও ভাড়া কৰি বিগত কেবাদিনো ধৰি যোগান ধৰি আহিছে ৷ সঁচাকৈয়ে মাজুলীৰ এইসকল লোকৰ বন্যহস্তীৰ প্ৰতি থকা দায়িত্ববোধে সকলোকে ভবাই তুলিছে ৷ এচি ৰূমত বহি বিয়াগোম প্ৰকৃতি প্ৰেমীৰ ভাও লোৱা তথাকথিত ভণ্ড প্ৰকৃতি প্ৰেমীসকলে শিক্ষা লোৱা উচিত মাজুলীৰ ৰাইজৰ পৰা ৷ নিজৰ নাজল নাথল অৱস্থা স্বত্বেও বন্যহস্তীৰ খাদ্য যোগান ধৰা মাজুলীৰ মাজুলীৰ শালমৰা,বনগাঁও,যোগীগাঁ‌ও বেচামৰা,অফলামুখ,দক্ষিণপাট কুমাৰ গাঁৱৰ ৰাইজক প্ৰশংসা কৰিছে ৰাজ্যবাসীয়ে ৷

লগতে চাওকঃ আজি বিশ্ব ব্যাঘ্ৰ দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.