ETV Bharat / state

পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ (five lakhs houses to beneficiaries)। যোৰহাটৰ কাছাৰী মৈদানত আজি মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

five lakhs house to beneficiaries under pm awash yojna
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ ।
author img

By

Published : May 19, 2022, 6:10 PM IST

যোৰহাট, 19 মে': "অসমত ২০২৪ ৰ ভিতৰত কোনো কেঁচা ঘৰ নেথাকিব ।" আজি যোৰহাটত ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ (PM Awash Yojna)আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠানত ভাগ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ যোৰহাটৰ কাছাৰী মৈদানত আজি মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ জে বি এক্কাৰ আদৰণি ভাষণৰ পিছতে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das) অসমৰ বাবে আজি এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰে । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে (Central minister Giriraj Singh)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ কাম-কাজক শলাগ লৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীয়ে যথেষ্ঠ আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।

পিছত নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে৷ অসমত ১৯ লাখ গৃহ নিৰ্মাণ হব আৰু সেই গৃহ নিৰ্মাণৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হব ৷ গৃহ লাভ কৰা হিতাধিকৰীসকলক এটকাও কোনো বিষয়াক উৎকোচ নিদিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । কোনো লোকে যদি গৃহ লাভ কৰাৰ বিনিময়ত উৎকোচ বিচাৰে তেতিয়া আৰক্ষী বা স্থানীয় বিধায়কক অভিযোগ দিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

হিতাধিকৰি সকলক গৃহ নিৰ্মাণৰ বাবে পোৱা টকা কেইটা সৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। অসমত দুৰ্নীতি মুক্ত কৰি এখন নতুন অসম গহিবলৈ দাবী জনাই। অনুষ্ঠানত হিতাধিকাৰীসকলৰ বাবে এখন হাতপুথিও আজি উন্মোচন কৰা হয় । প্ৰথমবাৰৰ বাবে ৰাজ্যত এই আঁচনিত 5 লাখ 10 হেজাৰ গৃহ নিৰ্মাণ হব । ইয়াৰ বাবে এহেজাৰ ছশ পয়সত্তৰ কোটি টকা ভাৰত চৰকাৰে মুকলি কৰিছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

হিতাধিকাৰীসকলে তিনিটা কিস্তিত এই ধন লাভ কৰিব । প্ৰতিটো ঘৰৰ বাবে হিতাধিকাৰী সকলে এক লাখ একাৱন্ন হাজাৰ সাতশ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৷ হিতাধিকাৰীসকলৰ বাবে এই গৃহ নিৰ্মাণৰ বাবে মুঠ সাত হেজাৰ সাতশ উঞ্চলিছ কোটি টকা খৰছ কৰা হব ।

প্ৰতিটো ঘৰৰ বিপৰীতে ব্যয় হ'ব 1 লাখ 51 হেজাৰ 755 টকাকৈ৷ আজি প্ৰথম কিস্তিত ৩৩ হাজাৰ টকাকৈ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব । আজিৰ এই অনুস্থানত সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাচা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন ভৰালী, ৰূপজ্যোতি কুৰ্মী আৰু ভাস্কৰ বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক: যোৰহাটৰ সভাত বেৰিকেড পাৰ হৈ মুখ্যমন্ত্ৰীক লগ ধৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.