টীয়ক,25 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশব্যাপী লক ডাউন অব্যাহত থকাৰ ফলত বিভিন্ন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ বিধ্বস্ত ৰাজ্যৰ বজাৰ অৰ্থনীতিৰ প্ৰতিটো খণ্ডও ৷ বৃহৎ লোকচানৰ সম্মুখীন দুগ্ধ ব্যৱসায়ী,গো-পালক,ক্ষুদ্ৰ চাহ খেতিয়কো ৷ অনুৰূপ ধৰণে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে মীন পালকসকল ৷ উজনি অসমৰ সৰ্ববৃহৎ মাছৰ পোনা প্ৰজনন প্ৰকল্প টীয়ক বামুণীপুখুৰীৰ স্বত্তাধিকাৰী তথা ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত মীন পালক কমলা গগৈয়ে উৎপাদিত মাছৰ পোনা সমূহ বিক্ৰী কৰিব নোৱাৰাত বৃহৎ লোকচানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰিছে ৷
![fish cultivators heavy money lost by lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/slug-a-teok-801-25april-teok-fish-culture-vis-byte-ssaikia_25042020081840_2504f_1587782920_703.jpg)
লক ডাউনৰ সময়চোৱাত যাতায়তJ ব্যৱস্থা নথকাত বহিঃ ৰাষ্ট্ৰৰ পৰা মাছৰ বাবে প্ৰয়োজনীয় ঔষধ আনিব নোৱাৰাৰ ফলত চিন্তিত হৈ পৰিছে মীন পালকগৰাকী ৷ কাৰণ ঔষধৰ নাটনিয়ে এতিয়া ৰাজ্যৰ মীন ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ ইয়াৰ সমান্তৰালভাৱে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ নাটনিৰ ফলত নষ্ট হৈ পৰিছে বহু মাছ ৷ যাৰ বাবে চৰকাৰৰ সহায় কামনা কৰিছে মীন পালকগৰাকীয়ে ৷ আনহাতে এই বিপৰ্যয়ৰ সময়ত চৰকাৰে মীন পালকসকলৰ ক্ষেত্ৰত যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে নিশ্চিতভাৱে মীন পালকসকলৰ জীৱনলৈ অমানিশা নামি অহাটো নিশ্চিত ৷
লগতে পঢ়কঃ চতিয়াত নষ্ট বৃহৎ পৰিমাণৰ শাক পাচলি