টীয়ক, 18 জুলাইঃ বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে বুধবাৰে নিশা টীয়কৰ বগৰিগুৰিত অঘটন ৷ সমগ্ৰ অঞ্চল প্লাৱিত হৈ থকা সময়তে বিদ্যুৎ বিভাগে অঞ্চলটোত হঠাৎ বিদ্যুৎ যোগান ধৰাৰ বাবে পানীৰে আৱৰি থকা হিতেশ্বৰ দাস নামৰ ব্যক্তি জনৰ ঘৰ শ্বৰ্ট চাৰ্কিট হৈ জ্বলি উঠে । নিশা প্ৰায় ৯ বজাত সংঘটিত ঘটনাত এজন স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত একাংশ লোক পানী ঢালি জুই নুমৱাই যদিও ঘৰৰ আচ-বাব,কাপোৰ কানি সম্পূৰ্ণৰূপে জুইত জাহ যায় । অৱশ্যে ৰাইজৰ তৎপৰতাত কোনোমতে ঘৰটো অগ্নিদগ্ধ হোৱাৰ পৰা ৰক্ষা পৰে ।
আনহাতে, বিদ্যুৎ বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত গোচৰ ৰুজু কৰে ক্ষতিগ্ৰস্তই । তাৰোপৰি বাঢ়নীৰ পানীৰ ফলত ঘৰটোৰ ভিতৰতে একাঁঠু বোকা, ল'ৰা ছোৱালীৰ কিতাপ, প্ৰমাণ পত্ৰ সকলো জ্বলি ছাইত পৰিণত হয় । উপায়হীন হৈ ভুক্তভোগী হিতেশ্বৰ দাসে এতিয়া ৰাইজ তথা চৰকাৰৰ সহায় বিচাৰিছে ৷ এই পৰ্যন্ত বিদ্যুৎ বিভাগৰ কোনো বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷