ETV Bharat / state

গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ

author img

By

Published : Jun 18, 2020, 10:22 PM IST

অসম আৰু অসমীয় ইতিহাসক বিকৃত কৰাৰ চেষ্টা কলকাতাৰ এজন ব্যক্তিৰ ৷ বৰ অসমৰ স্ৰষ্টা চাও ল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি উল্লেখ কৰা গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

fir lodge against garga chetterjee by asom premi yuva samaj
গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে

যোৰহাট,18 জুনঃ বৰ অসমৰ খনিকৰ চাও ল্যুং চ্যুকাফাক লৈ পৰোচনামূলক মন্তব্যৰে টুইট কৰা গৰ্গ ছেটাৰ্জীৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ কেৱল এজাহাৰেই নহয়,অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকক দেশৰ বিভিন্ন প্ৰান্তত বহু সময়ত নানাধৰণে ঠাট্টা-মস্কৰা কৰাৰ উপৰি অপৰাধমূলক কাণ্ড সংঘটিত কৰাৰ বাবে সংগঠনটোৱে গৰ্গ ছেটাৰ্জীৰ দৰে ব্যক্তিকেই দোষী সাব্যস্ত কৰে ৷ ভাৰত-চীন সীমান্তত দুয়োদেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ পাছতেই সমগ্ৰ দেশৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে চীন প্ৰশাসনৰ বিৰুদ্ধে ৷ সমগ্ৰ ভাৰতে এই বৰ্বৰ ঘটনাৰ বাবে চীনক গৰিহণা দিয়াৰ সময়তে অসমৰ বাসিন্দাক চীনা লোকৰ সৈতে তুলনা কৰি প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰে কলকাতাৰ গৰ্গ ছেটাৰ্জী নামৰ এজন ব্যক্তিয়ে ৷

17 জুনৰ সন্ধিয়া ৯ বাজি ১৯ মিনিটত গৰ্গ ছেটাৰ্জীয়ে নিজৰ টুইটাৰ একাউন্টযোগে বৰ অসমৰ স্ৰষ্টা চাও ল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি উল্লেখ কৰিছিল ৷ লগতে চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজৰ কৰৰ অপপ্ৰয়োগ কৰিছে বুলি মন্তব্য কৰিছিল অসম সম্বন্ধে সামান্যতম জ্ঞান নথকা গৰ্গ ছেটাৰ্জী নামৰ ব্যক্তি গৰাকীয়ে ৷ অসমীয়াৰ প্ৰাতঃষ্মৰণীয় চ্যুকাফা,গৌৰৱোজ্জল ৬০০ বছৰীয়া আহোম শাসন,আহোম সম্প্ৰদায় আৰু অসমীয়া জাতিৰ ওপৰত কৰা বিকৃত আৰু উচটনিমূলক মন্তব্যত জাঙুৰ খাই উঠিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ ৷ উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও বহুবাৰ সামাজিক মাধ্যমত অসমীয়াৰ সম্পৰ্কত বিকৃত আৰু উচটনিমূলক মন্তব্য প্ৰদান কৰি আহিছে এই ব্যক্তিজনে ৷ বাৰে বাৰে অসম, অসমীয়া আৰু অসমৰ ইতিহাসক বিকৃত কৰিবলৈ চেষ্টা কৰা এই ব্যক্তিজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অসম চৰকাৰে কেনেদৰে দিয়ে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়কঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.