ETV Bharat / state

Attempt to murder: পিতৃৰ দাৰ ঘাপত মৃত্যুৰ সৈতে যুঁজিছে কন্যাই - পিতৃৰ দাৰ ঘাপত মৃত্যুৰ সৈতে যুঁজিছে কন্যাই

যোৰহাট জিলাত সংঘটিত হৈছে পিতৃ-কন্যাৰ সম্বন্ধক কলুষিত কৰা ঘটনা ৷ পিতৃৰ দাৰ ঘাপত আহত হৈ কন্যাই মৃতুৰে যুঁজিব লগা হৈছে চিকিৎসালয়ৰ বিচনাত ৷

Father Attempt to murder his own daughter at Mariani
পিতৃৰ দাৰ ঘাপত মৃত্যুৰ সৈতে যুঁজিছে কন্যাই
author img

By

Published : Jul 17, 2023, 5:10 PM IST

পিতৃৰ দাৰ ঘাপত মৃত্যুৰ সৈতে যুঁজিছে কন্যাই

যোৰহাট, 17 জুলাই : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ ইটোৰ পিচত ভয়ংকৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ যোৰহাট জিলাত সংঘটিত হৈছে পিতৃ-কন্যাৰ সম্বন্ধক কলুষিত কৰাৰ ঘটনা ৷ পিতৃৰ দাৰ ঘাপত আহত হৈ নিজ কন্যাই মৃতুৰে যুঁজিব লগা হৈছে চিকিৎসালয়ৰ বিচনাত ৷

সোমবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ ঢেকীয়াজুলি চাহ বাগিচাত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ সুৰামত্ত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰে যুঁজিছে নিজ কন্যাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি ঢেকীয়াজুলি চাহ বাগিচাৰ খেৰ লাইনৰ নিবাসী ললিত বাউৰীয়ে সুৰাপান কৰি প্ৰায়েই ঘৰৰ লোকৰ লৈতে কাজিয়াত লিপ্ত হৈ আহিছে ৷ পূৰ্বৰ দৰেই সোমাবাৰ পুৱতি নিশা কাজিয়াই চূড়ান্ত পৰ্যায় পায়গৈ ৷ সেইদিনাও পিতৃ-মাতৃয়ে কাজিয়া লাগি থকাৰ সময়ত কাজিয়া ভাঙিবলৈ গৈছিল কণমানি কন্যাই ৷ এই কথা সহিব নোৱাৰি সুৰামত্ত পিতৃয়ে হিতাহিত জ্ঞান হেৰুৱাই কাষতেই থকা দাৰে উপৰ্যুপৰি প্ৰহাৰ কৰে নিজৰে কণমানি কন্যাক ৷ পিতৃৰ দাৰ ঘাপত তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত ঢলি পৰে কন্যাগৰাকী ৷

লগে লগে ঘৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত তৎক্ষণাত সংকটজনক অৱস্থাত কণমানিগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কণমানিজনী এতিয়াও সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পিচতে ঘাতক পিতৃক মৰিয়নী আৰক্ষীয়ে আটক কৰি সোধা-পোচাৰ বাবে থানালৈ লৈ আহিছে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: IM conspiracy case : মুজাহিদীনৰ ষড়যন্ত্ৰমূলক গোচৰত ৪ জনক ১০ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.