তিতাবৰ, 29 আগষ্টঃ নৱজাতকক বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পিতৃ ৷ পত্নীৰ লগত কাজিয়া লাগি গোলাঘাটৰ দ্বীপ বাম্পা নামৰ এজন 20 বছৰীয়া যুৱকে নিজৰ 20 দিনীয়া নৱজাতকক বিক্ৰীৰ বাবে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তিতাবৰ তিনি আলিৰ পৰা গোলাঘাট অভিমুখে যাত্ৰা কৰা এখন বাছত উঠি আহিছিল এই যুৱকজন৷ বাছৰ যাত্ৰী সকলে নৱজাতকক দেখি সন্দেহ হোৱাত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ যুবক জনক সোধ পোচা কৰাত যুবক জনে নৱ জাতকটোক মালিচ কৰিবলৈ নিয়া বুলি জনায় ।
কিন্তু আৰক্ষীয়ে ৰাইজৰ সহযোগত যুৱকজনৰ পৰিয়ালৰ লোক মতাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা৷ শহুৰেকে কোৱা অনুসৰি জোৱাই আৰু জীয়েকৰ মাজত কাজিয়া লাগি নৱ জাতকক বিক্ৰী কৰিবলৈ লৈ আহিছিল দ্বীপ বাম্পা নামৰ যুবক জনে ।