ETV Bharat / state

কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে বিৰোধ প্ৰদৰ্শন আছুৰ

author img

By

Published : Sep 25, 2020, 2:52 PM IST

কৃষি বিধেয়ক বাতিলৰ বিৰোধিতাৰে যোৰহাট আছুৰ গ্ৰহণ প্ৰতিবাদী কাৰ্যসূচী । একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই নীতি নিৰ্ধাৰণ কৰা বুলি দাবী কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷

Farmers bill 2020 copy burn by AASU in Jorhat assam etv bharat news
আছুৰ প্ৰতিবাদ

যোৰহাট,25 ছেপ্তেম্বৰ: দেশত প্ৰায় 12 হাজাৰ দৰিদ্ৰ কৃষকে বাচি লৈছে আত্মহত্যাৰ পথ ৷ ৰাজ্যতো খাদ্য আন্দোলন কৰি মৃত্যুক সাৱটি লৈছে দুজনকৈ অসমীয়াই ৷ বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে পুনৰ ৰাজ্যখনত খাদ্য আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷ শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে তিনিখন বিলৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

আছুৰ প্ৰতিবাদ

বিভিন্ন সমস্যাই জৰ্জৰিত কৰা কৃষকসকলৰ সমস্যা সমাধান নকৰি একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত তিনিখনকৈ বিধেয়ক ক্ৰমে Farmers produce trade and commerce (promotion and facilitation) bill 2020, Farmers (empowerment and protection) Agreement of price Assurance and Farm services bill 2020 আৰু Essential commodities (Amendment) bill গৃহীত কৰিবলৈ লোৱা প্ৰচেষ্টাৰ বাবে প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ এই বিধেয়ক গৃহীত হ’লে দেশৰ কৃষি খণ্ড পুঁজিপতিৰ হাতলৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত ৷ যদি এই কৃষক আৰু জনবিৰোধী বিধেয়ক চৰকাৰে বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷

লগতে চাওকঃ ৰাহুল গান্ধীক 'টুইটাৰ গান্ধী' আখ্যা লংকা দিনাকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.