যোৰহাট,26নৱেম্বৰঃ নাম মোৰ সৌৰভ হাজৰিকা। পেছাত মই গুন্দা। মই মানুহ মাৰিবও পাৰো। ইতিমধ্য মোৰ নামত কেইবাটাও কেছ আছেই ।এতিয়া আপুনি ভাৱিছে মুকলিকৈ কেমেৰাৰ সন্মুখত ভাবুকি দিব পৰা এইজন আকৌ ক'ৰ মহান গুণ্ডা। গুণ্ডাৰ আছল কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ। গুন্দা মানে এওঁ এজন প্ৰবঞ্চক।
উল্লেখযোগ্য যে, কোনো জাতীয় সংগঠনৰ বেনাৰ সংলগ্ন কৰি আজিৰ পৰা প্ৰায় তিনিমাহৰ আগত এইজনা গুন্দাই মুকলি কৰিছিল এটা কোম্পানী। নাম ৰাখিছিল ANF home bazar । কোম্পানীৰ আগত ANF ৰখাৰো এটা কাহিনী আছে । এইজনা বোলে ANF অৰ্থাৎ assam national ffaze ৰ কেন্দ্ৰীয় সভাপতি। যাৰ বাবে সংগঠনৰ নাম লৈ তেওঁ কোম্পানীৰ নামৰ আগত লগাই লৈছে ANF। তিনিমাহৰ পূৰ্বে মুকলি কৰা কোম্পানীটোত জড়িত কৰাইছিল যোৰহাটৰ বহু নিৱনুৱা যুৱকক। তাৰ বিনিময়ত যুৱক সকলৰ পৰা ২ -৩ হাজাৰকৈ টকা লোৱাৰো অভিযোগ উঠিছে। কিন্তু কোম্পানীটোত জড়িত কৰাই দৰমহা দিব নোৱাৰে সৌৰভে। কাৰোবাক যদি এমাহ কাৰোবাক তিনিমাহৰ দৰমহা দিয়া নাই সৌৰভে।
কৰ্মচাৰী সকলে দৰমহা বিচাৰিলে বিভিন্ন সময়ত ভয় ভাবুকি দিয়াৰো অভিযোগ উঠিছে। যাৰ ফলত ভুক্তভোগী কৰ্মচাৰী সকলে গুণ্দাৰূপী সৌৰভৰ বিৰুদ্ধে ৰুজু কৰিলে এক গোচৰ। ইয়াৰ ভিত্তিত বুধবাৰে নিশা সৌৰভক যোৰহাট আৰক্ষীয়ে ভাড়াঘৰৰ পৰা আটক কৰি লৈ আনে । ইতিমধ্যে কৰ্মচাৰী সকলৰ এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষী থানাৰ গোচৰ নম্বৰ 2629/20 US 406/420/403/34 IPC ত ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ ৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত