ETV Bharat / state

পথ মেৰামতিৰ দাবীত প্ৰাক্তন বিধায়কৰ প্ৰতিবাদ - ৰাণা গোস্বামী

পথ পুনৰ মেৰামতিৰ দাবীত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। শুই থকা জনপ্ৰতিনিধিক জগোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

ex mla protest for pathitic condition road
পথ মেৰামতিৰ দাবীত প্ৰাক্তন বিধায়কৰ প্ৰতিবাদ
author img

By

Published : Sep 26, 2020, 6:09 PM IST

যোৰহাট,26 ছেপ্তেম্বৰঃ যোৰহাটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে খ্যাত গড়মূৰলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো জৰাৰ্জীণ অৱস্থাই জলাক’লা খোৱাইছে সাধাৰণ জনতাক । কংগ্ৰেছৰ দিনতেই পুনৰ নিৰ্মাণ কৰি যাতায়তৰ উপযুক্ত কৰা হৈছিল। কিন্তু বিগত 5 টা বছৰে এই পথটোৰ পুনৰ নিৰ্মাণ বাদেই, সামান্য মেৰামতিও কৰা নাই পথটোৰ। যাৰ ফলত এই পথটো এতিয়া যাতায়তৰ উপযোগী নোহোৱা হৈ পৰিছে । আনহাতে পথছোৱাত দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

পথ মেৰামতিৰ দাবীত প্ৰাক্তন বিধায়কৰ প্ৰতিবাদ

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে,এই পথেৰে দৈনিক অহা যোৱা কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা । আনহাতে এই গড়মূৰ অঞ্চলতেই আছে অভিযান্ত্ৰিক মহাবিদ্যালয়, দূৰদৰ্শন কেন্দ্ৰ, আকাশবাণী কেন্দ্ৰ, লগতে বহু কেইটা গড়কাপ্তানী বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়। কিন্তু বিজেপি চৰকাৰে এই পথতো উন্নয়ন তথা পুনৰ নিৰ্মাণ কৰা ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰা ফলত শনিবাৰে যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে শতাধিক কৰ্মীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, এই পথতে বহু লোকৰ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হৈছিল। কিন্তু ইমানৰো পাছতো বিজেপি চৰকাৰে এই পথটো পুনৰ নিৰ্মাণ কৰা ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।

ex mla protest for pathitic condition road
পথ মেৰামতিৰ দাবীত প্ৰাক্তন বিধায়কৰ প্ৰতিবাদ

লগতে পঢ়কঃ সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব‍্যৰ্থ মুখ‍্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.