ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিজুলীৰ পোহৰ পৰিল কুমলীয়া চাপৰিত

author img

By

Published : Sep 2, 2020, 4:52 PM IST

Updated : Sep 2, 2020, 7:13 PM IST

বিগত বহু বছৰৰ পৰাই বিজুলীৰ পোহৰৰ পৰা বঞ্চিত হৈ আছিল জাঁজীমুখৰ গড়খাৱৈৰ ফুকনবাৰীবাসী ৷ এই সন্দৰ্ভত 30 আগষ্টত ইটিভি ভাৰতযোগে প্ৰচাৰ হোৱা এক বাতৰিৰ পাচতে সম্ভৱ হৈ উঠে এই কাম ৷

বিজুলীৰ পোহৰ পৰিল জাঁজীমুখৰ ফুকনবাৰীত
বিজুলীৰ পোহৰ পৰিল জাঁজীমুখৰ ফুকনবাৰীত

টীয়ক, 2 চেপ্তেম্বৰ: বিগত 30 আগষ্টত ইটিভি ভাৰতযোগে প্ৰকাশ হোৱা এটা বাতৰিৰ পাচতেই পোহৰৰ মুখ দেখিলে জাঁজীমুখৰ কুমলীয়া চাপৰিবাসীয়ে ৷ বিগত 10 বছৰৰ পূৰ্বে জাঁজীমুখৰ কুমলীয়া চাপৰিৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা 33 টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল গড়খাৱৈৰ ফুকনবাৰীত ৷ ফুকনবাৰীত সংস্থাপন দিয়া পৰিয়াল কেইটাক ভিন্ন সুবিধাৰ লগতে সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু বিদ্যুৎ সংযোগ নকৰিলে বিদ্যুৎ বিভাগে ৷ বৈদ্যুতিক খুটা, ট্ৰেন্সফৰ্মাৰ আদি স্থাপন কৰিলে যদিও ৰাইজ বঞ্চিত হৈ থাকিল বিদ্যুতৰ পোহৰৰ পৰা ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিজুলীৰ পোহৰ পৰিল কুমলীয়া চাপৰিত

ভুক্তভোগী ৰাইজে তেওঁলোকৰ সমস্যা সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰিছিল যদিও, তেওঁলোকে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা পোৱা নাছিল কোনো ধৰণৰ বিহীত ব্যৱস্থা ৷ কিন্তু 30 আগষ্টত ইটিভি ভাৰতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ এক বাতৰি সম্প্ৰচাৰ কৰিছিল ৷ সেই বাতৰিয়ে দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে উৰ্ধতম কৰ্তৃপক্ষকো ৷ সেই বাতৰিয়ে উৰ্ধতম মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পাচতেই বুধবাৰে বিদ্যুৎ সংযোগ লাভ কৰিলে কুমলীয়া চাপৰিবাসীয়ে ৷ অঞ্চলটোৰ ঘৰে ঘৰে জ্বলি উঠা লাইটৰ পোহৰে সম্প্ৰতি এক বুজাব নোৱাৰা আনন্দৰ ঢল নমাই আনিছে স্থানীয় বাসিন্দাৰ মাজলৈ ৷ লগতে এই সকলোবোৰৰ বাবে তেওঁলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলে ইটিভি ভাৰতৰ সাংবাদিকক ৷

লগতে পঢ়ক: চৰকাৰৰ সৌভাগ্য আঁচনিয়ে দূৰ্ভাগ্য কঢ়িয়াইছে টীয়কত

Last Updated : Sep 2, 2020, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.