মৰিয়নী, 23 মেঃ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিনিধিত্ব কৰা মৰিয়নীত সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে বিজেপি দলে ৷ তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত ভোটগণনা কাৰ্যসূচীত ইভিএম গণনা ইতিমধ্যে সমাপ্ত হৈছে ৷
মৰিয়নীত প্ৰায় 47692 ভোট লাভ কৰিছে বিজেপিৰ তপন কুমাৰ গগৈয়ে ৷ তাৰ বিপৰীতে কংগ্ৰেছৰ সুশান্ত বৰগোহাঁয়ে মাত্ৰ 34604 টা ভোট লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, আজিলৈকে মৰিয়নী বিধানসভা সমষ্টিৰ ইমান সংখ্যক ভোট কোনো দলৰ কোনো প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।