মৰিয়নী,8 এপ্ৰিল : "মৰিয়নীত ল'ৰা ৰজাৰ শাসন শেষ হোৱাৰ দিশে, পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে প্ৰমাণ কৰি দিছো ৷" এই মন্তব্য মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ আলোক কুমাৰ ঘোষৰ ।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এতিয়া বিজেপিৰ প্ৰচাৰ অভিযানত ব্যস্ত প্ৰাক্তন বিধায়ক আলোক ঘোষ । সোমবাৰে প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উন্নয়নপৰা সমষ্টিবাসীক বঞ্চিত কৰি চলোৱা ল'ৰাৰজাৰ শাসন অতি সোণকালে শেষ হ'ব বুলি মন্তব্য কৰে আলোক কুমাৰ ঘোষে । আনহাতে, যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়ৰ নিশ্চয়তা প্ৰদান কৰি আগতীয়াকৈ বিজয় উল্লাহত নৃত্যও কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । শেহতীয়াকৈ প্ৰাক্তন বিধায়কগৰাকীৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছী কৰ্মকৰ্তাই যোগদান কৰে বিজেপিত ।