যোৰহাট, ১৯ জানুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে প্রতি বছৰে আয়োজন কৰি অহা জ্যোতিপ্ৰসাদ আগৰৱালা স্মাৰক 'ৰূপকোঁৱৰ নাট্য উৎসৱ' প্ৰথমবাৰৰ বাবে কলাক্ষেত্ৰৰ চৌহদৰ বাহিৰত আয়োজন কৰা হৈছে । যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট থিয়েটাৰৰ সক্ৰিয় সহযোগত ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ ঐতিহ্যমণ্ডিত যোৰহাট চহৰত বৰ্ণিল কাৰ্যসূচীৰে এই নাট্য উৎসৱ অনুষ্ঠিত কৰা হৈছে ।
অনুষ্ঠানৰ আৰম্ভণিতে আজি আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা বিশিষ্ট কবি, চিত্র সমালোচক, সাহিত্য অকাডেমী, জ্ঞানপীঠ বঁটা, অসম উপত্যকা সাহিত্য বঁটাপ্ৰাপক নীলমণি ফুকনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পাছতেই সন্ধিয়া ৫-৩০ বজাত ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত ‘ৰূপকোঁৱৰ নাট্য উৎসৱ ২০২৩ৰ উদ্বোধন কৰা হয়(Roopkonwar Natya Utsav 2023 inaugurated) ৷
অসম চৰকাৰৰ শিক্ষা আৰু অনুসূচিত জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই নাট্য উৎসৱখন উদ্ধোধন কৰে(Ranoj Pegu inaugurated Roopkonwar Natya Utsav) । উদ্বোধনী ভাষণত ডাঃ পেগুৱে(Education Minister Ranoj Pegu) কয় যে সুন্দৰৰ শিল্পীগৰাকীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই কেৱল গুৱাহাটীতে সীমাবদ্ধ নাৰাখি অসমৰ এখনি ঐতিহ্যমণ্ডিত ঠাই যোৰহাটত অনুষ্ঠিত কৰাটো অতি প্ৰশংসনীয় কাম হৈছে । কলাক্ষেত্র সমাজে এনেধৰণৰ প্ৰসাৰমূলক কামসমূহ অসমতে সীমাবদ্ধ নাৰাখি অসমৰ বাহিৰত পৰিৱেশনৰ ব্যৱস্থা কৰাৰ বাবে তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱাল, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহন লাল মীনা, যোৰহাট থিয়েটাৰৰ সভাপতি ড৹ যোগানন্দ বৰা, ৰূপকোঁৱৰ নাট্য উৎসৱৰ সঞ্চালক প্রদীপ পূজাৰী আৰু কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ ।
নাট্য উৎসৱৰ লগত সংগতি ৰাখি অসমৰ সাংস্কৃতিক দিশত বিশেষ অৱদান আগবঢ়োৱা তিনিগৰাকী বৰেণ্য ব্যক্তি ক্ৰমে নিত্যৰঞ্জন বৰঠাকুৰ, শৈলেন নাথ আৰু জিনু মাচেন্টক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । সম্বর্ধনা জনায় অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁ লগতে ৰূপকোঁৱৰ নাট্য উৎসৱৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্রকাশ কৰি উলিওৱা ‘ৰূপান্তৰ' শীৰ্ষক স্মৰণিকাখনিও উন্মোচন কৰে ।
নাটকৰ আৰম্ভণিতে পূৰ্বৰংগ শীর্ষক এক সাংস্কৃতিক অনুষ্ঠানত অঞ্জলি বৰবৰাৰ পৰিচালনাত ‘নৃত্যাঞ্জলি'ৰ শিল্পীসকলে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে । সন্ধিয়া ৬-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰযোজনাৰে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট নাট পৰিচালক অবিনাশ শৰ্মাৰ পৰিচালনাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট 'ৰূপালীম' মঞ্চস্থ কৰা হয় ।
উল্লেখ্য যে ৰূপকোঁৱৰ নাট্য উৎসৱৰ লগত সংগতি ৰাখি অহা ২০ জানুৱাৰীত দিনৰ ১০-৩০ বজাৰ পৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ গুণ গোবিন্দ দত্ত প্রেক্ষাগৃহত ‘স্বৰাজোত্তৰ কালৰ অসমীয়া মঞ্চ নাটৰ ধাৰা’ বিষয়ক এখনি বিদ্যায়তনিক আৰু মননশীল আলোচনা-চক্র অনুষ্ঠিত কৰা হ'ব । সন্ধিয়া ৬-০০ বজাত যোৰহাট থিয়েটাৰৰ প্রযোজনাৰে নাট্যকাৰ প্রশান্ত কটকী আৰু পবিত্ৰ বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ' শীৰ্ষক মনোৰঞ্জনধৰ্মী নাটখন মঞ্চস্থ কৰা হ’ব ।