ETV Bharat / state

কিয় আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰীয়ে ? - Education Minister Rajug Pegu

1978 চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংগ্ৰহ কৰিলে তেওঁৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ ৷ যোৰহাটৰ শংকৰদেৱ চেমিনাৰী বিদ্যালয়ৰ পৰা 43 বছৰৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মন্ত্ৰী গৰাকী ৷

education-minister-rajug-pegu-visited-his-hs-school-at-jorhat
কিয় আঠুকাঢ়ি সেৱা ললে শিক্ষা মন্ত্ৰীয়ে ?
author img

By

Published : Jun 19, 2021, 10:42 PM IST

যোৰহাট,19 জুন : সুদীৰ্ঘ 43 বছৰৰ পিছত নিজে পঢ়া বিদ্যালয় যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত উপস্থিত হৈ আবেগিক হৈ পৰিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ শিক্ষাৰ ঘাই শিপা বিচাৰি আহি বিদ্যালয় খনৰ প্ৰৱেশদ্বাৰত ভৰি থৈয়ে আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷ 1978 চনত বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডাঃ ৰণোজ পেগু ৷

বিদ্যালয় খনত উপস্থিত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ লগতে বিদ্যালয় খনৰ অভাৱ অভিযোগৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা বৰুৱাই মন্ত্ৰী গৰাকীৰ হাতত তুলি দিয়ে তেখেতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ খন ৷ লগতে বিদ্যালয় খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰা ডাঃ পেগুৱে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে তেওঁ পঢ়া শ্ৰেণী কোঠাটোলৈ গৈ অতীতৰ স্মৃতি ৰোমন্থন কৰে ৷

কিয় আঠুকাঢ়ি সেৱা ললে শিক্ষা মন্ত্ৰীয়ে ?

আনহাতে বিদ্যালয় খনৰ সেই সময়ৰ প্ৰধান শিক্ষক প্ৰয়াত বিমান বৰুৱাক সুঁৱৰি, প্ৰধান শিক্ষক গৰাকীৰ আদৰ্শ তেওঁৰ ব্যক্তিগত জীৱনতো পৰিছে বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ইয়াৰ মাজতে নিজে পঢ়া শংকৰদেৱ চেমিনাৰীৰ দৰে অসমৰ শতবৰ্ষ আৰু পঞ্চাছ বছৰ অতিক্ৰম কৰা বিদ্যালয় সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ণ কমিটি সন্দৰ্ভতো মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়কঃ মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন দুখনকৈ উচ্চ ক্ষমতা সম্পন্ন কমিটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.