ETV Bharat / state

পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

আজি যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ পৰিদৰ্শন কালত কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীৰ সৈতে মত বিনিময় কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ অসমৰ কৃষিখণ্ডৰ যথেষ্ট সম্ভাৱনীয়তা থকাৰ কথা ব্য়ক্ত কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Jun 19, 2021, 5:25 PM IST

Education Minister Dr. Ranoj Pegu
পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব

যোৰহাট, 19 জুন : ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে অসমৰ কৃষি শিক্ষা নীতিক একেলগ কৰি সামগ্ৰীকভাৱে অসমৰ কৃষিখণ্ডৰ উত্তৰণৰ দিশত পদক্ষেপ লোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে । মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাচত প্ৰথমবাৰৰ বাবে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ পৰিদৰ্শন কালতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে অনানুষ্ঠানিক মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয়, অসমৰ কৃষিখণ্ডৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু এই দিশত গৱেষণামূলক আঁচনি গ্ৰহণৰ জৰিয়তে সামগ্ৰিকভাবে আগবাঢ়ি যাব লাগিব ।

"বৰ্তমানৰ শিক্ষা পদ্ধতিৰ সৈতে আগুৱাই যোৱাৰ বাবে কৃষি শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰিব লাগিব । পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলি এক বিশেষ অভিলাষী পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা আছে" ৷ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে মত বিনিময় অনুষ্ঠানত এই মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ তদুপৰি কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পৰম্পৰাগত কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি প্ৰকল্প ৰূপায়ণ হ'বলগীয়া স্থানসমূহ পৰ্যবেক্ষণ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ নতুন নতুন সম্ভাৱনীয়তাৰ সৈতে সংযুক্ত কৰি অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুক অৱগত কৰে কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷ ইয়াৰ পাচতে মন্ত্ৰী গৰাকীয়ে কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প গঢ়ি তোলাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই চৰকাৰীভাৱে সম্ভৱপৰ সকলো সহায়-সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷ লগতে এই দিশত বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি পুনৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে আলোচনা কৰিব কয় মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী ৰণোজ পেগু আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহাই । ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বাগিচা তথা অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ণ কৰিব খোজা প্ৰস্তাৱিত পৰম্পৰাগত কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পস্থলী পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীক বিভাগীয় মুৰব্বী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞাই আদৰণি জনায় ।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞান গুৰু ড৹ জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.