যোৰহাট, ১৮ অক্টোবৰ: শৰৎ অহাৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ তথা আধ্যাত্মিক বাণী বিলাবলৈ দেৱী দুৰ্গা নামি আহিছে মৰ্ত্যলৈ । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈছে আয়োজকসকল । যোৰহাটৰ জাগ্ৰত শক্তিপীঠ শ্ৰীশ্ৰী বুঢ়ী গোসানী দেৱালয়ত দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে আয়োজক সমিতি । ১৭৯৪ চনৰ পৰাই এই দেৱালয়ত পুজা অৰ্চনা কৰি অহা হৈছে । বিগত ২২৮ বছৰ ধৰি যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত জাক-জমকতা বিহীনভাৱে পালন কৰি অহা হৈছে দুৰ্গা পুজা । এইবাৰো ব্যতিক্ৰম নহয় । এই জাগ্ৰত শক্তিপীঠখনলৈ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমন ঘটে । এইবাৰ ২২৯ সংখ্যক পুজাৰ বাবে সাজু দেৱালয় কৰ্তৃপক্ষ ।
ৰাজ্যৰ ভিতৰতে এখন অন্যতম ঐতিহ্যমণ্ডিত শক্তিপীঠ হৈছে যোৰহাটৰ গড়আলিৰ সমীপৰ বুঢ়ী গোঁসানী দেৱালয় । ১৭৯৪ চনত আহোমৰ শেষ ৰাজধানী যোৰহাটত স্থাপন কৰা সময়তে যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল এই দেৱালয়খন । আহোম ৰজা ৰুদ্ৰ সিংহই জয়ন্তীয়া ৰজাক যুদ্ধত পৰাস্ত কৰি দেৱীক গড়গাঁওস্থিত ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল । বিশ্বাস আছিল যে এই দেৱীক আগত লৈ যুদ্ধলৈ গ'লে যুদ্ধ জয়ী হয় । ১৭৯৪ চনৰ পৰা দেৱালয়ত নিতৌ পুজা অৰ্চনা কৰি আহিছে ।
ভক্ত প্ৰাণ ৰাইজৰ মাজত এই দেৱালয়ৰ প্ৰতি আছে অগাধ বিশ্বাস । সেয়েহে বিদেশৰ পৰাও এই শক্তিপীঠলৈ দুৰ্গা পূজাৰ দিনকেইটাত আগমন ঘটে ভক্তসকলৰ । পূজাৰ কেইদিনত এই দেৱালয়ত বিৰ দি বাট পাবলৈ নোহোৱা পৰিৱেশৰ সৃষ্টি হয় । আনহাতে,পৰম্পৰা অনুসৰি পূজাৰ আটাইকেইদিনতে ইয়াত বলি-বিধান হয় । জনবিশ্বাস অনুসৰি এই দেৱালয়ত দেৱীক সেৱা কৰিলে মনৰ আশা পূৰণ হয় । সেই বাবেই এই শক্তিপীঠলৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে ।
লগতে পঢ়ক:Kati bihu:উৎসৱো যেতিয়া হৈ পৰে কান্দোনৰ কাৰণ, গাঁওখনত নজ্বলে এগচিও চাকি