ETV Bharat / state

লোকেল দাদা জীৱনৰ বাবে বিপৰ্যয়ত জনজীৱন

লোকেল দাদা জীৱনক আপুনি কেতিয়াবা লগ পাইছে নেকি ? নাই পোৱা যদি ভালেই আপুনি বাচি গৈছে ৷ যিয়েই লোকেল দাদা জীৱনৰ পাল্লাত পৰিছে, তেওঁ ত্ৰাহি মধুসূদন সুঁৱৰিছে ৷

DELIVERY BOY
লোকেল দাদা জীৱনৰ বাবে বিপৰ্যয়ত জনজীৱন
author img

By

Published : Oct 11, 2021, 9:57 PM IST

তিতাবৰ, 11 অক্টোবৰ : তিতাবৰৰ বৰহোলা টাউনত এজন স্বয়ম্ভূ গুণ্ডাৰ সন্ত্ৰাসত এতিয়া থৰ কাচুতি হেৰুৱাইছে সাধাৰণ জনতাই । সাধাৰণ কথাতে মাৰপিট, ধনদাবী আদিৰে জীৱন সোণোৱাল নামৰ গুণ্ডাটোৱে অস্থিৰ কৰি তুলিছে বৰহোলা টাউনৰ পৰিবেশ । সোমবাৰে পুনৰ গুণ্ডা জীৱন সোণোৱালৰ হাতত অনাহকত প্ৰহৃত হ'ব লগাত পৰিল দুজনকৈ ডেলিভাৰী বয় । বৰহোলা টাউনত অনলাইন শ্বপিঙৰ সামগ্ৰী বিতৰণ কৰিবলৈ অহা যুৱক দুজনক বেয়াকৈ মাৰধৰ কৰে জীৱন সোণোৱালে ।

লোকেল দাদা জীৱনৰ বাবে বিপৰ্যয়ত জনজীৱন

মদ্যপান কৰিবলৈ দাবী কৰা ধন নিদিয়াৰ বাবেই যুৱক দুজনক মাৰধৰ কৰে গুণ্ডা জীৱনে । যাৰ ফলত কৰ্তব্য সম্পাদন নকৰাকৈয়ে উভতি যাব লগাত পৰে ডেলিভাৰী বয়ৰ দলটো । উল্লেখযোগ্য যে, আৰক্ষীৰ লোকে গিজগিজাই থকা স্বত্বেও বৰহোলা টাউনত একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ সন্ত্ৰাসে ব্যতিব্যস্ত কৰি তুলিছে সাধাৰণ জনজীৱন ।

লগতে পঢ়ক : বোকাখাত আৰক্ষীৰ কঠোৰ স্থিতি, ভুলতো বাইকত দুজন নাহিব পূজা চাবলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.