যোৰহাট, 12 জুনঃ সততে সফল অস্ত্ৰোপ্ৰচাৰ হয় মানুহৰ ক্ষেত্ৰত । বহু কষ্টৰ ফলত এজন ৰোগীক সুস্থ কৰি তোলা হয় । কিন্তু এইবাৰ ঘটনা কিছু বিপৰীত ৷ যোৰহাটৰ এদল পশু চিকিৎসকৰ নেৰা নেপেৰা চেষ্টাৰ ফলত সম্পন্ন হ'ল অস্ত্ৰোপ্ৰচাৰ । যোৰহাটৰ কেন্দুগুৰী অঞ্চলৰ এজন ব্যক্তিৰ ৫ মহীয়া লেবাৰ্ড প্ৰজাতিৰ এটা কুকুৰৰ পেটৰ পৰা চিকিৎসকে উলিয়াবলৈ সক্ষম হ'ল ১২৩ টা ১ ইঞ্চি দৈৰ্ঘৰ মেটেল স্ক্ৰো।
![Jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-12jun-suscesful-operration-a-dog-vis-byte-7203853_12062020162718_1206f_1591959438_840.jpg)
যোৰহাট পশু চিকিৎসালয়ৰ চিকিৎসকৰ দলে এই অস্ত্ৰোপ্ৰচাৰ সফলভাৱে সম্পন্ন কৰি কুকুৰটোৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। যোৰহাট পশু চিকিৎসক ডঃকমল চন্দ্ৰ সিংহ,ডঃ হেমন্ত বৰুৱা,ডঃ দীপশিখা দাস,ডঃ লাৰা দত্ত আৰু আকাশ মহন্তৰ চিকিৎসা সেৱাত সুস্থ হৈ উঠে কুকুৰটো। আনহাতে,এই কুকুৰটোৰ এই সফল অস্ত্ৰোপ্ৰচাৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে যোৰহাটৰ এই চিকিৎসৰ দলটো।
লগতে পঢ়কঃ বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী