ETV Bharat / state

Gyan Vikas Award: যোৰহাটত উপস্থিত হৈ প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা শিক্ষা মন্ত্ৰীৰ

author img

By

Published : Feb 14, 2023, 1:05 PM IST

তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 'জ্ঞান বিকাশ বঁটা' বিতৰণ অনুষ্ঠান (Award of Thengal Kachari Autonomous Council)। ৪৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা বিতৰণ কৰি তেওঁলোকক উদ্দেশ্যি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষাৰ লক্ষ্য চৰকাৰী চাকৰিমুখী হ'ব নালাগে ।

Distribution of Gyan Vikas Award
জ্ঞান বিকাশ বঁটা বিতৰণ
জ্ঞান বিকাশ বঁটা বিতৰণ

যোৰহাট, ১৪ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ তিতাবৰত সোমবাৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এইবৰ্ষৰ জ্ঞান বিকাশ বঁটা বিতৰণ কৰা হয় (Distribution of Gyan Vikas Award)। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা পৰিষদৰ এলেকাধীন বৃত্তি হিচাপে ৪৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয় জ্ঞান বিকাশ বঁটা ৷ প্ৰতি বছৰে এই পৰিষদখনে পৰিষদীয় এলেকাধীন হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰি আহিছে এই বঁটা (Thengal Kachari Autonomous Council) ৷ সোমবাৰে তিতাবৰ ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰাহালয়ত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ছাত্ৰ- ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰে ৷ সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটাৰ লগতে এখন ফুলাম গামোছা, প্ৰশংসা পত্ৰ আৰু নগদ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হয় (Education Minister Dr Ranoj Pegu)।

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে প্ৰাথমিক আৰু অষ্টম, নৱম শ্ৰেণীত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ ব্যৱস্থা বাহাল থাকিব । প্ৰাথমিক আৰু অষ্টম, নৱম শ্ৰেণীত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ ব্যৱস্থা বাহাল ৰাখি প্ৰত্যক বছৰে গুণোৎসৱ অনুষ্ঠিত হ'ব বুলি শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৱে মন্তব্য কৰে । তেওঁ পুনৰ কয় যে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য একমাত্ৰ চৰকাৰী চাকৰিমুখী হ'ব নালাগে ।

শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মুঠ জনসংখ্যাৰ ১.৪ শতাংশইহে চৰকাৰী চাকৰিত নিয়োজিত । সেয়েহে শিক্ষাৰ উদ্দেশ্য় অকল চাকৰিমুখী হ'ব নালাগে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অসম প্ৰচুৰ সম্ভাৱনাময় এখন ৰাজ্য় । সেইবাবে বিভিন্ন ক্ষেত্ৰত মেধা শিক্ষাৰ্থীসকল নিয়োজিত হৈ অসমক আত্মনিৰ্ভৰশীল কৰিবলৈ শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৱে আহ্বান জনায় । তেওঁ কয় যে সৰ্বশিক্ষাৰ একমাত্ৰ উদ্দেশ্য হৈছে গুণগত শিক্ষা প্ৰদান কৰা ।

এই গাম্ভীৰ্যপূৰ্ণ অনুস্থানটোত শিক্ষামন্ত্ৰীগৰাকীৰ লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ উপৰি জিলা বিজেপিৰ বহু কেইগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে(MLA Rupjyoti Kurmi)। ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদে পৰিষদীয় এলেকাৰ মেধা শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত আগৱাঢ়ি নিয়াৰ ক্ষেত্ৰত লোৱা প্ৰদক্ষেপ হিচাপে এনেধৰণ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে (Distribution of Gyan Vikas Award at Titabar) ।

লগতে পঢ়ক:Drones for collecting blood samples : ড্ৰোণ ব্যৱহাৰৰ জৰিয়তে তেজৰ নমুনা সংগ্ৰহৰ পদক্ষেপ হিমাচলৰ স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.