ETV Bharat / state

DGP ৰ এটা টুইটৰ পাচতেই যোৰহাট আৰক্ষীৰ মাজত হাহাকাৰ; কিন্তু কিয় ?

author img

By

Published : Jun 25, 2023, 2:23 PM IST

Updated : Jun 25, 2023, 2:53 PM IST

DGP লৈ কোনে কৰিলে টুইট ? কিয় DGP ৰ এটা টুইটে খলকনিৰ সৃষ্টি কৰিছে যোৰহাট আৰক্ষীৰ ভিতৰ চ’ৰাত ? সবিশেষ এক ৰিপ’ৰ্ট...

Etv Bharat
Etv Bharat
ঔষধ প্ৰতিষ্ঠানত চোৰে চলাইছিল হাত চাফাই অভিযান

যোৰহাট, 25 জুন : অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ এটা টুইট ৷ যি টুইটৰ বাবে যোৰহাট জিলা আৰক্ষী মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ অসম আৰক্ষী সঞ্চালক প্ৰধানৰ এটা টুইটে থকাসৰকা কৰিছে যোৰহাট আৰক্ষীক ৷

তথ্য অনুসৰি, কিছুদিন পূৰ্বে যোৰহাটৰ মৰিয়নি নগৰত অৱস্থিত মৰিয়নী শ্যাম ড্ৰাগছ নামৰ এখন ঔষধ প্ৰতিষ্ঠানত চোৰে চলাইছিল হাত চাফাই অভিযান ৷ তাৰ পাচতে ঔষধ প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰীগৰাকীয়ে যোৰহাট আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে দাখিল কৰে এক গোচৰ ৷ গোচৰ দাখিল কৰাৰ পাচতো যোৰহাট আৰক্ষীৰ ফালৰ পৰা বিশেষ একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ঔষধ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে ৷

এই ঘটনাৰ পাচতে আকৌ অৰ্থাৎ 20 জুনত চোৰে দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি লুটি লৈ যায় নগদ ধন ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ৷ তাৰ পাচতে পুনৰ 20 জুনৰ ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে যোৰহাট আৰক্ষীক অৱগত কৰি দাখিল কৰে এক গোচৰ ৷

DGP Tweet to Jorhat police
DGP লৈ কোনে কৰিলে টুইট ?

কিন্তু যোৰহাট আৰক্ষীয়ে গোচৰটো ৰুজু নকৰাৰহে দাবী কৰিছে ভুক্তভোগী স্বত্বাধিকাৰীগৰাকীয়ে ৷ স্বত্বাধিকাৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সঘনে উক্ত অঞ্চলটোত সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা ৷ কিন্তু ইমানৰ পাচতো আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

ইফালে দিনক দিনে উক্ত অঞ্চলটোত চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাত উপায়ন্তৰ হৈ শ্যাম ড্ৰাগছ নামৰ এখন ঔষধ প্ৰতিষ্ঠানৰ স্বতাধিকাৰীগৰাকীৰ কন্যাই যোৰহাট আৰক্ষীৰ নিস্ক্ৰীয়তাৰ সন্দৰ্ভত ডিজিপি জি পি সিঙক টুইট কৰে ৷ দিল্লীত অধ্যয়নৰত শ্যাম ড্ৰাগছ নামৰ এখন ঔষধ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীগৰাকীৰ কন্যাগৰাকীৰ টুইটৰ পাচতে যোৰহাট আৰক্ষীক টুইটযোগে ডিজিপি জি পি সিঙে তুলাধূনা দিয়ে ৷ তাৰ পাচতে তৰণি হেৰাই যোৰহাট আৰক্ষীৰ ৷

উল্লেখ্য যে, বৰ্তমান যোৰহাট আৰক্ষীয়ে স্মাৰ্ট আৰক্ষী সকলো ফৰ্মূলা ধূলিসাৎ কৰি পেলাইছে বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে । কাৰণ যোৰহাট আৰক্ষী অকৰ্মান্যতা আৰু দুৰ্বলতা সুযোগ লৈ জিলাখনত চোৰ-ডকাইতে ৰাজত্ব চলোৱাটো বিগত সময়ত সংঘটিত ঘটনাসমূহে তাকে ইংগিত বহন কৰি বুলি উল্লেখ কৰে যোৰহাটৰ একাংশ সচেতন মহলে ৷

লগতে পঢ়ক : Interview with Iman Kalyani Oja : NID ৰ বাছনি পৰীক্ষাত ৪২ সংখ্যক লাভ ইমন কল্যানী ওজাৰ

Last Updated : Jun 25, 2023, 2:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.