ETV Bharat / state

Dergaon Suicide Case : মৃত পুত্ৰৰ ন্যায় বিচাৰি থানাত ৰুগীয়া মাতৃ হিয়া ভগা কান্দোন - দেৰগাঁও আৰক্ষীৰ বিৰুদ্ধে

আৰক্ষী থানাত পুত্ৰ ন্যায় বিচাৰি ৰুগীয়া মাতৃ হিয়া ভগা কান্দোন ৷ আৰক্ষীয়ে অপৰাধীক ধনৰ বিনিময়ত ৰক্ষণাবেক্ষণা দিয়া অভিযোগ তুলিছে মৃত অজয় দত্তৰ মাতৃয়ে ।

Dergaon Suicide Case
আৰক্ষী থানাত পুত্ৰ ন্যায় বিচাৰি ৰোগীয়া মাতৃ হিয়া ভগা কান্দোন
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:22 PM IST

Updated : Oct 28, 2023, 2:27 PM IST

আৰক্ষী থানাত পুত্ৰ ন্যায় বিচাৰি ৰোগীয়া মাতৃ হিয়া ভগা কান্দোন

যোৰহাট, 28 অক্টোবৰ : ‘‘প্ৰয়োজনত মোৰ পৰা টকা লওক ৷ লাগিলে মই কিডনী বিক্ৰী কৰি আৰক্ষীক টকা দিম ৷ চৰকাৰে পুলিচক চাকৰিৰ নামত বহুত দৰমহা দিয়ে ৷ কিন্তু এই দৰমহাই জোৰা নাই এই আৰক্ষীক ৷’’ এই ভাষ্য পুত্ৰ স্নেহত ব্যাকুল এগৰাকী অসহায় মাতৃৰ ৷

মাতৃগৰাকীয়ে মৃত সন্তান ন্যায় বিচাৰি মাথোঁ অসহায় ভাৱে কান্দি কান্দি দিন পাৰ কৰিবলগীয়া দৰে পৰিস্থিতি সূচনা হৈছে । কাৰণ আৰক্ষী অমানৱীয় অত্যাচাৰ আৰু শাৰীৰিক, মানসিক নিৰ্যাতন বাবে দেৰগাঁৱৰ অজয় দত্ত নামৰ এগৰাকী যুৱকে চৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এই ঘটনাক কেন্দ্ৰক কৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ লগতে এই ঘটনাত জড়িতসকলক কঠোৰ শাস্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী নিৰ্দেশত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও আশ্বাস দিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিদেৰ্শক দেৰগাঁও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত কৰিছে মৃত অজয় দত্তৰ দুভৰ্গীয়া মাতৃয়ে ৷ সেয়ে মৃত পুত্ৰৰ ন্যায় বিচাৰি থানাত মাথোঁ উচুপি উচুপি কান্দি আৰক্ষীক এই ক্ষেত্ৰত কঠোৰ হ’বলৈ দাবী জনাইছে ।

দুভৰ্গীয়া মাতৃগৰাকীৰ অভিযোগ, এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে ৷ বৰঞ্চ অভিযুক্ত পৰা ধনলৈ এই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ তুলিছে দেৰগাঁও আৰক্ষীৰ বিৰুদ্ধে ৷ আনহাতে, অজয় দত্তৰ মৃত্যুৰ লগত জড়িত থকা সকলক যেতিয়ালৈকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকৈ দেৰগাঁও থানাতে থকাৰ হুংকাৰ প্ৰদান কৰে ৰোগীয়া মাতৃ গৰাকীয়ে ।

লগতে পঢ়ক : Youth commits suicide: আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন

Last Updated : Oct 28, 2023, 2:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.