যোৰহাট, 19 অক্টোবৰ: সোমবাৰে দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণাৰ দিন আছিল যদিও, 20 অক্টোবৰলৈ স্থগিত ৰখা হ'ল শুনানি ৷ মঙলবাৰে আদালতে উচিত শুনানি প্ৰদান কৰিব বুলি আশাৰে বাট চাই ৰৈছে প্ৰয়াত চিকিৎসকগৰাকীৰ পৰিয়ালবৰ্গ ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, আগন্তুক দিনত যাতে কোনো লোকে নিজৰ পিতৃসম লোকৰ সৈতে এনে নিকৃষ্ট কাম কৰিব নোৱাৰে তেনেদৰে কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰাকৈ তেওঁলোকৰ শাস্তি হ'ব লাগে ৷ কিয়নো তেওঁলোকে যদি পিতৃসম লোকক হত্যা কৰিব পাৰে তেন্তে তেওঁলোকৰ হাতত সাধাৰণ লোকো সুৰক্ষিত নহয় ৷
দেৱেন দত্ত হত্যাকাণ্ড: 20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন - deben dutta verdict postponed
20 অক্টোবৰলৈ স্থগিত ৰখা হ'ল দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণাৰ দিন ৷ আদালতৰ উচিত শুনানিৰ বাবে অপেক্ষাৰত প্ৰয়াত চিকিৎসক গৰাকীৰ পৰিয়ালবৰ্গ ৷