যোৰহাট,৩১ জাুনৱাৰী: চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণে(DC Ashok Kumar Barman retire) । সোমবাৰে চাকৰি জীৱনৰ শেষৰটো দিনত নিষ্ঠাবান উপায়ুক্তগৰাকীক যোৰহাটবাসীয়ে জনালে বিদায় সম্বৰ্ধনা । সোমবাৰে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এখনি সভাত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ অশোক কুমাৰ বৰ্মনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়(DC Ashok Kumar Barmans farewell ceremony in Jorhat) ।
সমাজ কল্যান বিভাগ(Department of Social Welfare) আৰু শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানটিত চৰকাৰী, বে-চৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল-সংগঠনৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে উপায়ুক্ত অশোক কুমাৰ বৰ্মনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে(Farewell to DC Ashok Kumar Barman) । এই বিশেষ বিদায় সভাখনত বহুকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ(ADC Kavita Kakati Konwar) উপস্থিত থাকে ।
বিদায় সভাখনত উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত বিদায় শব্দটোৰ প্ৰসংগ দৰ্শোৱাৰ লগতে বিভিন্ন বিষয় সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । উল্লেখযোগ্য যে অতি অমায়িক আৰু কৰ্মপটু হিচাপে কাৰ্যকালত দেখুওৱা দক্ষতাৰ বাবে প্ৰত্যকজন যোৰহাটবাসী ৰাইজ মাজত এক সুকীয়া আসন দখল কৰি আহিছিল উপায়ুক্ত অশোক কুমাৰ বৰ্মনে । বিদায়ী উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ কাৰ্যকালত কৰি থোৱা যোৱা বিভিন্ন উন্নয়ন মূলক কামৰ বাবে সদায় যোৰহাটবাসী ৰাইজে প্ৰতি মুহুৰ্তত তেওঁক সুঁৱৰিব বুলি সোমবাৰে আয়োজিত বিদায়ী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লোক সকলে মত প্ৰকাশ কৰে ।
৩১ জানুৱাৰীত কাৰ্যকাল শেষ হ'বলগীয়া অশোক কুমাৰ বৰ্মনৰ স্থানত মাজুলী জিলাৰ উপায়ুক্ত হিচাপে দক্ষতাৰে কাম কৰি যোৱা পুলক মহন্তই যোৰহাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । উল্লেখযোগ্য যে বিদায়ী উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নেতৃত্বতেই যোৰহাটত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ লগতে কেইবাটাও বৃহৎ চৰকাৰী অনুষ্ঠান সফল ভাবে অনুষ্ঠিত হোৱাৰ উপৰিও ক'ভিদ কালত তেখেতে দেখুওৱা কৃতিত্ব আৰু পাৰদৰ্শিতাৰ কথা প্ৰত্যেক জনে লোকে আজিও অনুধাৱন কৰে ।
ইফালে বিদায়ী সম্ভাষণ গ্ৰহণ কৰি উদ্যোক্তা তথা যোৰহাটবাসী ৰাইজক ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে অশোক কুমাৰ বৰ্মনে । বিদায়ী উপায়ুক্ত বৰ্মনৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে কয় যে যোৰহাটবাসীৰ মাজত অশোক কুমাৰ বৰ্মন এক মৰমৰ আৰু শ্ৰদ্ধাৰ নাম হিচাপে চিৰদিনৰ বাবে ৰৈ যাব । নিজৰ কৰ্মৰাজীৰ মাজেৰে বৰ্মনে যোৰহাটবাসীৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ।