ETV Bharat / state

DAC election 2022: যোৰহাটত মন্ত্ৰী অতুল বৰা-জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Nov 5, 2022, 8:27 PM IST

৮ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(Deori Autonomous Council 2022) ৷ আজি দেউৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন ৷ আজি যোৰহাটত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডি দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাই ৷

DAC election 2022
যোৰহাটত অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

যোৰহাট, ৫ নৱেম্বৰ: যোৰহাটৰ ৮নং সমষ্টিত শনিবাৰে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱা(Deori Autonomous Council 2022) ৷ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায় মন্ত্ৰীদ্বয়ে ৷ মন্ত্ৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱাক নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভৱেন ভৰালীয়ে(DAC election campaign in Jorhat) ।

উল্লেখ্য যে, পশ্চিম যোৰহাটৰ ওপৰ দেউৰীৰ আৰু নাম দেউৰীৰ দুখন গাঁৱক লৈ গঠন হৈছে দেউৰীৰ পৰিষদীয় ৮ নং সমষ্টিটো । সমষ্টিটোত মুঠ ভোটাৰ আছে ১,৯৭৩ গৰাকীৰ । পূৰ্বে কংগ্ৰেছৰ দখলত আছিল এই সমষ্টিটো ৷ এইবাৰ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ দেউৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপ-বিজেপি মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীয়ে ৷

সমষ্টিটো নিজৰ দখললৈ আনিবলৈ আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীৰ হৈ নিৰ্বাচনী চলাই মন্ত্ৰী অতুল বৰা(Minister Atul Bora DAC election campaign) আৰু জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ৷ তেওঁলোকে প্ৰচাৰৰ সময়ত কংগ্ৰেছ দলৰ লগতে সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে ।

উল্লেখ্য যে, অহা ৮ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিৰোধী দলসমূহৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও ৰাজ্যৰ পৰিষদীয় সমষ্টিসমূহত ব্যাপক প্ৰচাৰ চলাইছে । অগপ-বিজেপিৰ নেতা-মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিৰ অন্তৰ্গত দেউৰী স্বায়িত্ব শাসিত পৰিষদীয়(Deori Autonomous Council) সমষ্টিসমূহত ধাৰাবাহিকভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

ব্যতিক্ৰম নহয় দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় ৮ নং সমষ্টিটো ৷ সমষ্টিটোত পূৰ্বৰ পৰাই আঞ্চলিক দলৰ ভেঁটি শক্তিশালী হোৱা স্বত্বেও বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে সমষ্টি উন্নয়নত অনিহা প্ৰকাশ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে এই সমষ্টিটোত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কেনেডী দেউৰী প্ৰৱল প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ৷

লগতে পঢ়ক : DAC Election 2022: বিহপুৰীয়াত মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.