যোৰহাট, ৯ নবেম্বৰ : বহুমুখী কৃষিকাৰ্যৰ জৰিয়তে আয় বৃদ্ধি কৰি কৃষকসকলে নিজকে আত্মবিশ্বাসী কৰি কৃষিক এক সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰিব লাগিব । পৰম্পৰাগত কৃষিৰ দৰে কেৱল ধানখেতিকে খেতি বুলি ভবাৰ পৰিৱৰ্তে আধুনিক পদ্ধতিৰে অধিক উৎপাদন লাভ কৰাৰ দিশত অগ্ৰসৰ হ’ব লাগিব । যোৰহাটৰ তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত কৃষক দিৱসৰ কাৰ্যসূচীত অংশ লৈ এই মত ব্যক্ত কৰে কৃষিমন্ত্ৰী অতুল বৰাই ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গৱেষণা কেন্দ্ৰটোৰ মূল চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ প্ৰসংগত তেখেতে লগতে কয় যে, বতৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত আমি নতুন ধৰণেৰে আধুনিক কৃষিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি স্বাবলম্বী হৈ ৰপ্তানি বৃদ্ধিত গুৰুত্ব দিব লাগিব । হাঁহ-কুকুৰা পালন , গাহৰি পালন , মাছ পালন আদিকো অধিকভাৱে কৰি কৃষকে আয় বৃদ্ধি কৰিব লাগিব । গাখীৰ-মাংস-কণীৰ ক্ষেত্ৰত ৰাজ্যখনক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহত কৃষক সকলৰ বাবে চৰকাৰীভাৱে আগবঢ়োৱা সুবিধাসমুহ গ্ৰহণ কৰি সহযোগ কৰিবলৈকো তেওঁ আহ্বান জনায় কৃষক সকল ।
প্ৰাৰম্ভিকভাৱে কৃষকৰ আয় দুগুণ কৰাৰ দিশত শ্ৰম কৰিব লাগিব বুলিও কয় তেওঁ । তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াই উদ্দেশ্য বাখ্যা কৰা কৃষক দিৱসৰ মূল সভাখনত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ থকা ক’লা ধানৰ নতুন জাত বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ।
মধুমেহ ৰোগ প্ৰতিৰোধী ভাত খাব পৰা এই ক'লা ধানে অসমৰ কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ পাব বুলি আশা কৰা হৈছে । দু-তৰপীয়া খেতিৰ বাবে সহায়ক হোৱাকৈ নুমলী নামৰ এটা জাত অহা বছৰ কৃষকৰ বাবে দিয়া হ’ব । তাৰোপৰি অন্য এটা জাতে অহা দুবছৰৰ ভিতৰত কৃষকৰ বাবে উপলব্ধ হ’ব । কৃষিক্ষেত্ৰত অহা আধুনিক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, সচৰাচৰ ইউৰিয়াৰ বিকল্প নেন’ ইউৰিয়া বজাৰলৈ আহিছে । ভাৰততো নেন’ ইউৰিয়াৰ উৎপাদন আৰু ব্যৱসায় আৰম্ভ হৈছে ।
নেন’ ইউৰিয়াৰ ফেক্টৰী অসমতো হ’ব লাগে বুলি দাবী উত্থাপন হৈছে, তেনেদৰে ডি এ পিৰ নেন উৎপাদনৰ দিশত গৱেষণা চলি আছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই আদৰণি ভাষণত কয় যে, তিতাবৰ আঞ্চলিক গৱেষণা কেন্দ্ৰই ইতিমধ্যে ৯৯ বছৰত ভৰি দিছে আৰু এই সুদীৰ্ঘ পৰিক্ৰমাৰে পৃথিৱীৰ ভিতৰত লেখত ল’বলগীয়া কেন্দ্ৰ হিচাপে বহুবোৰ দিশত সক্ষম হৈছে । সেয়ে অনাগত দিনত এই কেন্দ্ৰটোক স্মাৰ্ট ছিড প্ৰডাকচন চেন্টাৰ হিচাপে গঢ়ি তোলাৰ দিশত সহায় সহযোগ আগবঢ়াবলৈ তেওঁ কৃষিমন্ত্ৰী গৰাকীক অনুৰোধ জনায় ।
কৃষক দিৱসৰ কাৰ্যসূচীত বিশেষভাৱে সম্বৰ্ধনা জনোৱা মেৰাপানী ছাওদাং পথাৰ গাঁৱৰ প্ৰগতিশীল কৃষক মোহন বৰায়ো নিজৰ কৃষি অভিজ্ঞতা আৰু আধুনিক কৃষিৰ জৰিয়তে উপকৃত হোৱাৰ অভিজ্ঞতা প্ৰকাশ কৰে । তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ভাষণ প্ৰসংগত জন্মগতভাৱে নিজকে কৃষক বুলি প্ৰকাশ কৰি পৃথিৱীত খেতি কেতিয়াও নাইকীয়া নহয় বুলি কৈ কৃষিত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকেও বক্তব্য ৰখা সভাখনত আগন্তুক বৰ্ষত অৱসৰ ল’বলগীয়া জ্যেষ্ঠ বিজ্ঞানী ড° তপন জ্যোতি ঘোষ,ড° বুবুল চন্দ্ৰ দাস আৰু জ্যেষ্ঠ ষ্টেন’গ্ৰাফাৰ ৰঞ্জন কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । সভাখনত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহায়ে অংশ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে কৃষক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।
এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বহুসংখ্যক বিজ্ঞানী, গৱেষক, বিভাগীয় মুৰব্বী উপস্থিত থাকে । সভাত প্ৰদৰ্শনীত প্ৰথম স্থান লাভ কৰা যোৰহাট কৃষি গৱেষণা কেন্দ্ৰ, দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰা এৰী-মুগা গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ, তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ অন্তৰ্গত ঘাঁহ গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগক মানপত্ৰ প্ৰদান কৰা হয় ।
লগতে পঢ়ক : বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল বৰপেটাত