ETV Bharat / state

তিতাবৰত CRPF ৰ গছপুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jul 25, 2021, 9:29 PM IST

গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্ববাসীলৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৷ দেওবাৰে মেৰাপানীত CRPF ৰ উদ্যোগত ৰোপণ কৰা হয় কেইবা শতাধিক মূল্যবান গছৰ পুলি ৷

crpf-plantation-drive-at-titabor-of-jorhat
তিতাবৰত চি আৰ পি এফৰ গছপুলি ৰোপন কাৰ্যসূচী

তিতাবৰ, 25 জুলাই : "গছ থাকিলেহে মানুহ থাকিব"- এই বাক্য সাৰোগত কৰি এইবাৰ ধৰণীখনক সেউজীয়া কৰিবলৈ আগবাঢ়ি আহিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৷ আইন-শৃংখলাৰ ব্যস্ততাপূৰ্ণ দায়িত্বৰ সমান্তৰালভাৱে এইবাৰ পৰিৱেশ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে CRPF এ ৷ দেওবাৰে মেৰাপানীত CRPF ৰ উদ্যোগত ৰোপণ কৰা হয় কেইবা শতাধিক মূল্যবান গছৰ পুলি ৷

সামাজিক দায়িত্বমূলক কাৰ্যসূচীৰ অংশস্বৰূপে CRPF বাহিনীয়ে শেহতীয়াকৈ দেশব্যাপী আৰম্ভ কৰিছে গছপুলি ৰোপণ অভিযান ৷ বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্ববাসীলৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে পৰিৱেশ সংৰক্ষণৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিছে চিআৰপিএফে ৷ এই অভিযানৰ অংশস্বৰূপে মেৰাপানীস্থিত 142 নং চিআৰপিএফ বাহিনীৰ শিবিৰত দেওবাৰে ৰূপায়ণ কৰা হয় এক গছপুলি ৰোপণ কাৰ্যসূচী ৷ মেৰাপানী মহকুমা সাংবাদিক সংস্থা আৰু মেৰাপানী বজাৰ সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত চিআৰপিএফ ছাউনীৰ চৌহদত ৰোপণ কৰা হয় কেইবা শতাধিক মূল্যবান গছৰ পুলি ৷

তিতাবৰত CRPF ৰ গছপুলি ৰোপণ কাৰ্যসূচী

এই কাৰ্যসূচীত 142 নং CRPF ৰ চেক্টৰ কমাণ্ডাৰ চন্দন কুমাৰৰ নেতৃত্বত জোৱানসকলে ছাউনীৰ কেউদিশে শাল, চেগুণ আদিৰ লগতে বিভিন্ন ফলমূলৰ পুলি ৰোপণ কৰে ৷ কাৰ্যসূচী অনুসৰি মেৰাপানী সীমান্তৰ প্ৰতিখন গাঁৱতে গছপুলি ৰোপণৰ পৰিকল্পনা আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবেই সাময়িকভাৱে স্থগিত ৰখা হয় এই কাৰ্যসূচী ৷ অৱশ্যে ক'ভিড পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত ব্যাপক ৰূপত এই কাৰ্যসূচী আৰম্ভ কৰা হ’ব ৷

উল্লেখযোগ্য যে, মেৰাপানী সীমান্তত নিৰপেক্ষ বাহিনীৰূপে নিয়োজিত 142 নং চিআৰপিএফ বাহিনীয়ে বিগত সময়চোৱাতো যথেষ্ঠ জনহিতকৰ কাম কৰি আহিছে ৷ আইন-শৃংখলাৰ দায়িত্ব পালনৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জোৱানসকলে ৷ CRPF বাহিনীৰ এই কাৰ্যৰ শলাগ লৈছে মেৰাপানীবাসীয়ে ৷

লগতে পঢ়কঃ ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.