ETV Bharat / state

Army jawan from Assam dies in Kashmir:কাশ্মীৰত কৰ্মৰত অৱস্থাত মৃত্যু মৰিয়নীৰ CRPF জোৱানৰ

author img

By

Published : Jul 21, 2023, 10:22 PM IST

কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত কৰ্মৰত অৱস্থাত কাশ্মীৰত মৃত্যু মৰিয়নীৰ টংকেশ্বৰ দাসৰ ।

CRPF jawan from assam dies in Kashmir
কৰ্মৰত অৱস্থাত মৃত্যু মৰিয়নীৰ জোৱানৰ

যোৰহাট, 21 জুলাই : কাশ্মীৰত মৃত্যু ঘটিছে অসমৰ এজন চি আৰ পি এফ জোৱানৰ । প্ৰাপ্ত তথ্য মতে, মৃত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানজন মৰিয়নীৰ নতুন মাটিৰ টংকেশ্বৰ দাস । জন্মু কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত আছিল অসমৰ যোৰহাট জিলাৰ চি আৰ পি এফ জোৱান টংকেশ্বৰ দাস ।

জানিব পৰা মতে, কৰ্তব্যৰত অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে টংকেশ্বৰ দাসৰ ৷ ততাতৈয়াকৈ জোৱানজনক কাশ্মীৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শুকুৰবাৰে মৃত্যু ঘটে জোৱানজনৰ । অৰ্ধসামৰিক বাহিনীৰ তৰফৰ পৰা জোৱানজনৰ মৃত্যুৰ খবৰ তেওঁৰ গৃহত জনোৱাৰ পিচতে মৰিয়নীৰ নতুন মাটিস্থিত বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকাকূল পৰিৱেশৰ সৃষ্টি হয় । উল্লেখ্য যে, উৰিষ্যাত কৰ্মৰত অৱস্থাত আন এজন BSF জোৱানৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ এটা সপ্তাহ পাৰ নৌহওঁতেই শুকুৰবাৰে আন এক কৰুণ খবৰ লাভ কৰিলে যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীবাসীয়ে ।

আনহাতে জন্মু কাশ্মীৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী জোৱানজনৰ নশ্বৰ দেহ গৃহ জিলা যোৰহাটলৈ কেতিয়া অনা হ’ব সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই । মন কৰিবলগীয়া কথা যে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত জোৱান হিচাপে বহি:ৰাজ্যত কৰ্মৰত অৱস্থাত অসমৰ যুৱকৰ মৃত্যুৰ ঘটনাই বৰ্তমান সকলোকে চিন্তিত কৰি তুলিছে । কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত কৰ্মৰত অৱস্থাত টংকেশ্বৰ দাসৰ মৃত্যু বাতৰি বিয়পি পৰা লগে লগে শোকৰ ছাঁ পৰিছে মৃত জোৱানজনৰ জন্মস্থান মৰিয়নীত ।

লগতে পঢ়ক : BSF Jawan swahid: হৃদৰোগত আক্ৰান্ত হৈ ওড়িশাত অসমৰ BSF জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.