যোৰহাট, 22 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ 6 ডিচেম্বৰৰ পৰা সিংঘু বৰ্ডাৰত হাৰিয়ানা, পঞ্জাৱ, মধ্য প্ৰদেশৰ কৃষক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইতিমধ্যে, প্ৰতিবাদত বহু কেই গৰাকী কৃষকৰ মৃত্যু হৈছে ৷
মঙলবাৰে প্ৰতিবাদত মৃত্যু হোৱা কৃষকৰ আত্মাৰ সদগতিৰ বাবে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ যোৰহাটৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত নিহত শ্বহীদ কৃষক সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে চি পি আই এমে ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পৰাই কৃষি আইন তিনিখন বাতিলৰ দাবী জনাই সংগঠনটোৰ প্ৰতিনিধিৰ লগতে উপস্থিত ৰাইজে ৷
লগতে পঢ়ক : গৌৰীসাগৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ