ETV Bharat / state

যোৰহাটৰ চিপাহীখোলাত গৰু বজাৰ মুকলি

author img

By

Published : Jul 4, 2022, 8:24 AM IST

যোৰহাটত মুকলি কৰা হ'ল এখন গৰু বজাৰ(New cow market open in Jorhat) । যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ স্বাক্ষৰিত নিৰ্দেশনাৰে যোৰহাটৰ চিপাহীখোলাত মুকলি কৰা হয় গৰুৰ বজাৰখন(cattle preservation act 2021) ।

cow market open in teok
যোৰহাটৰ চিপাহীখোলাত গৰু বজাৰ মুকলি

যোৰহাট,৪ জুলাই: গো-সুৰক্ষা আইন ২০২১(cattle preservation act 2021) অনুসৰি দীৰ্ঘদিন ধৰি ৰাজ্যত গৰু কিনা-বেচা এক প্ৰকাৰ বন্ধ হৈ থকাৰ বিপৰীতে দেওবাৰে যোৰহাট জিলাত মুকলি হ'ল এখন গৰুৰ বজাৰ(New cow market open in Jorhat) । ১ জুলাইত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া স্বাক্ষৰিত জে.জেদ.পি/৫৬২/অ'.এছ.আৰ/২০২২-২৩ নং এক নিৰ্দেশনা অনুসৰি কেৱল যোৰহাট জিলাৰ ভিতৰত গো-পালকসকলে অথবা ব্যৱসায়ীসকলে গৰু কিনা বেচা কৰিব পাৰিব বুলি উল্লেখ কৰিছে ।

যোৰহাটৰ চিপাহীখোলাত গৰু বজাৰ মুকলি

ইপিনে এই ক্ষেত্ৰত গো-সুৰক্ষা আইন ২০২১ ৰ সকলো নীতি নিয়ম মানি চলিব লাগিব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে । সেই অনুসৰি জিলাখনৰ ঐতিহাসিক চিপাহীখোলা বজাৰত দেওবাৰৰ পৰা এনেদৰে গৰু কিনা বেচা প্ৰক্ৰিয়া আৰম্ভ হোৱা পৰিলক্ষিত হয় । হিন্দু ধৰ্মালম্বী লোকৰ বাবে গৰু পূজনীয় জন্তু হোৱাৰ বাবে ঈদ-উজ-জোহাৰ কুৰবানীত গৰু ব্যৱহাৰ নকৰিবলৈ বহুকেইটা ইছলাম ধৰ্মালম্বী সংগঠনে আহ্বান জনাইছে যদিও এই বজাৰত যথেষ্ট গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: ধুবুৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.