যোৰহাট, ২৯ এপ্ৰিল : ৰাজ্যজুৰি কৰ'ণা সংক্ৰমণে ভয়াৱহৰূপ ধাৰণ কৰাৰ সময়তে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীও অব্যাহত আছে । বিভিন্ন জিলাত স্বাস্থ্যবিভাগে অব্যাহত ৰাখিছে এই প্ৰক্ৰিয়া । ইয়াৰ মাজতে যোৰহাট প্ৰেছ ক্লাৱৰ এক আদৰণীয় পদক্ষেপ । বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলক প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতিষেধক প্ৰদান কৰা হয় । যোৰহাট নগৰৰ লগতে টীয়ক, মৰিয়নী আৰু তিতাবৰৰ সংবাদকৰ্মীসকলে গ্ৰহণ কৰে কৰ'ণাৰ প্ৰতিষেধক ।
যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰা প্ৰতিষেধক কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ প্ৰায় ১০০ ৰো অধিক সংবাদকৰ্মীয়ে প্ৰতিষেধক গ্ৰহণ কৰে । ইফালে প্ৰেছ ক্লাৱৰ এই পদক্ষেপক ধন্যবাদ জনাই সংবাদকৰ্মীসকলে ।