ETV Bharat / state

ক'ভিড বিধি উলংঘা কৰি ভোজৰ আয়োজন: সাংবাদিকক আক্ৰমণৰ অভিযোগ - covid protocol

যোৰহাটৰ টীয়কত সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা । নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত ক'ভিড বিধি উলংঘা কৰি নিশা এগৰাকী ৱাৰ্ড সদস্যাৰ বাসগৃহত ভোজৰ আয়োজন কৰা হৈছিল । বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰহাৰ কৰে একাংশ উদণ্ড লোকে । ৱাৰ্ড সদস্যাগৰাকীৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংবাদিকগৰাকীৰ ।

covid protocol violation
টীয়কত ক'ভিড বিধি উলংঘা কৰি ভোজৰ আয়োজন
author img

By

Published : May 6, 2021, 4:14 PM IST

টীয়ক,৬ মে': ক'ভিড-১৯ মহামাৰীৰ বাবে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজনৈতিক দলসমূহক বিজয় উৎসৱ পালনত বাধা আৰোপ কৰিছিল । কিন্তু আয়োগৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ক'ভিড বিধি উলংঘা কৰি একাংশই আয়োজন কৰিছে ভোজমেলৰ । যোৰহাটৰ টীয়কত ক'ভিড বিধি উলংঘা কৰা ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিলে একাংশ লোকে ।

অভিযোগ উত্থাপিত হোৱা অনুসৰি, বুধবাৰে নিশা টীয়কৰ কমাৰচুকত মিত্ৰজোঁটৰ একাংশ সমৰ্থকে ৱাৰ্ড সদস্যৰ বাসগৃহত ভোজৰ আয়োজন কৰিছিল । এই বিষয়ে আৰক্ষীয়ে খবৰ পাই উক্ত স্থানত অভিযান চলাইছিল যদিও আৰক্ষী যোৱাৰ খবৰ পাই সকলো পলায়ন কৰে । ঘৰটোৰ চৌহদত ভাত ভৰ্তি কেৰাহী, খাদ্য খোৱাৰ বাবে ব্যৱহৃত প্লেট আদি পৰি থকা পৰিলক্ষিত হৈছিল ।

টীয়কত ক'ভিড বিধি উলংঘা কৰি ভোজৰ আয়োজন

কিন্তু আৰক্ষী সেই স্থানৰ পৰা উভতি অহাৰ পাছত পুনৰ সকলো গোট খাই আনন্দ-উল্লাস কৰিবলৈ আৰম্ভ কৰে । উক্ত খবৰ পাই চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি ভোজৰ আয়োজন কৰা ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ তাত উপস্থিত হয় সাংবাদিক দেৱজিৎ বৰা । কিন্তু সাংবাদিকগৰাকীয়ে সকলো দৃশ্য ৰেকৰ্ড কৰি থকা সময়তে সমৰ্থকসকলে তেওঁক আক্ৰমণ কৰে আৰু ম’বাইল, পৰিচয় পত্ৰ আৰু বুমৰ লগ' আদি কাঢ়ি নিয়ে ।

লগতে এখন উকা কাগজত চহী কৰিবলৈ সাংবাদিকগৰাকীক বাধ্য কৰোৱা হয় ৷ এই ঘটনাৰ পিছতে সাংবাদিক দেৱজিৎ বৰাই ৱাৰ্ড সদস্যাগৰাকীৰ স্বামী জনৈক দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ইফালে, টীয়ক আৰক্ষীয়েও ইতিমধ্যে নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন কৰি দুয়োটা গোচৰৰ তদন্ত আৰম্ভ কৰিছে ।

বিজেপিৰ দলীয় কৰ্মকৰ্তাই ক'ভিড বিধি উলংঘা কৰি মহামাৰীৰ সংক্ৰমণ বৃদ্ধি কৰাত এক প্ৰকাৰ সহায় কৰা কাৰ্যক সকলোৱে গৰিহণা দিয়াৰ লগতে টীয়কৰ বিভিন্ন দল-সংগঠনে এই বিষয়ত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক: শোণিতপুৰত পুনৰ ভূঁইকম্পৰ জোকাৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.