যোৰহাট, 6 মে’: সমগ্ৰ দেশৰ লগতে ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে যোৰহাটত বৃহস্পতিবাৰে মুকলিকৈ ঘূৰি ফুৰিছে এজন কৰ’ণাক্ৰান্ত ৰোগীয়ে ৷ লোকজনৰ দেহত কৰ‘ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচতো স্বাস্থ্য বিভাগে ল’বলগীয়া সাধাৰণ সুৰক্ষা ব্যৱস্থাৰ তুলুঙা দৃশ্য বন্দী হৈছে কেমেৰাত ৷
জিলাখনৰ প্ৰকাশ শৰ্মা নামৰ লোকজন কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত হাস্পতালত নিজে নিজে ভৰ্তি হ’বলৈ হাবাথুৰি খোৱা দৃশ্য কেমেৰাত বন্দী হৈছে । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বহিঃবিভাগত কেনেদৰে ভৰ্তি হ’ব পাৰি সেয়া অনুসন্ধান কৰিছে লোকজনে ৷ এগৰাকী সচেতন স্বাস্থ্যকৰ্মীয়ে সমগ্ৰ ঘটনা ম’বাইলেৰে ৰেকৰ্ড কৰি সাংবাদিকক প্ৰদান কৰে ৷
ইয়াৰ পাচতেই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ একাংশ স্বাস্থ্যকৰ্মীয়ে কিদৰে ভেঙুচালি কৰিছে ৰাইজৰ জীৱনক লৈ, সেয়া পৰিস্ফুত হৈছে ৷ এই ঘটনাৰ পাচতে সমগ্ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷ ইতিমধ্যে হাস্পতালখনৰ অধ্যক্ষাগৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : মঙলদৈত ক’ভিড প্ৰট’কল অমান্য কৰি তাঁতশাল বিতৰণ