ETV Bharat / state

কৰ'ণা আক্ৰান্তক কেন্দ্ৰকৰি যোৰহাটত চাঞ্চল্য - কন্টইনমেন্ট

ব্যৱসায়ীয়ে নামানে চৰকাৰী নিৰ্দেশনা ৷ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷ বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে প্ৰশাসনক ৷

covid panic situation at jorhat
কোভিড-19 পজিটিভ ক কেন্দ্ৰকৰি যোৰহাটত চাঞ্চল্য
author img

By

Published : Jun 30, 2020, 5:06 PM IST

যোৰহাট,30জুনঃ পূৱ যোৰহাটৰ পদুমনী অঞ্চলত অৱস্থিত "গীতা আশ্ৰম"হনুমান বাহেতী নামৰ এজন ব্যৱসায়ীৰ গোশালাত এজন শ্ৰমিক শাৰীৰিক অসুস্থ হোৱাক লৈ এতিয়া চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত। উল্লেখযোগ্য যে, আশ্ৰম খনত হম কোৱাৰেন্টাইন কৰি ৰখাৰ পিছতো দৈনিক ব্যৱসায় চলাই আছিল স্বতাধিকাৰ হনুমান বাহেতীয়ে।

কোভিড-19 পজিটিভ ক কেন্দ্ৰকৰি যোৰহাটত চাঞ্চল্য

ৰাইজৰ অভিযোগ অনুসৰি যোৰহাট চহৰখনৰ মাজভাগত জিলা প্ৰশাসনে তিনিজনকৈ শ্ৰমিকৰ দেহত ক‘ৰণা পজিটিভ পোৱাৰ পিছত মাৰোৱাৰী চেম্বাৰ ৰ‘ড অঞ্চলত কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছিল। সেই কন্টেইনমেন্ট জ'নৰ পৰাই নিজা বাস গৃহৰ পৰা ৩৫ জনকৈ শ্ৰমিক আনিছিল আশ্ৰম খনলৈ । যাৰ ফলত আজি গীতা আশ্ৰমৰ খনৰ অনন্ত দুৱাৰা জ্বৰ আৰু ডায়েৰীয়া সদৃশ ৰোগ হয়। এই সমগ্র ঘটনা স্বতাধীকাৰ জনে গাপ দি ৰাখিব ছিল ,কিন্তু তাৰে এজন শ্ৰমিকে স্থানীয় আশা কৰ্মীক ফোন যোগেদি অৱগত কৰাত স্বাস্থ্য বিভাগে তাৎক্ষণিক ভাৱে লোক জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ ব্যৱস্থা কৰে। ইতিমধ্যে স্থানীয় ৰাইজে হনুমান বাহেতীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে।

লগতে পঢ়কঃ বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.