ETV Bharat / state

ক'ভিডৰ বাবে উপাৰ্জন বন্ধ ঢেকীয়াখোৱাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ

author img

By

Published : Jul 12, 2021, 7:40 PM IST

স্বাভাৱিক হোৱা নাই ক'ভিডৰ জটিল পৰিস্থিতি ৷ যাৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে ৷ ব্যৰ্তিক্ৰম নহয় ঢেকীয়াখোৱা বৰ নামঘৰৰ সমীপৰ ব্যৱসায়ী সকলো ৷

covid impact on small traders of dhekiakhuwa
ক'ভিডৰ বাবে উপাৰ্জন বন্ধ ঢেকীয়াখোৱাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ

টীয়ক, 12 জুলাই : ৰাজ্যত ক'ভিড সৃষ্ট পৰিৱেশ ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে যদিও কেইখনমান জিলাত ক'ভিড পৰিস্থিতি এতিয়াও জটিল অৱস্থাতে আছে ৷ যাৰ বাবে ৰাজ্যত অব্যাহত আছে আংশিক লকডাউন ৷ এই আংশিক লকডাউনে নেতিবাচক প্ৰভাৱ পেলাইছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীক ক্ষেত্ৰখনত ৷

বিশেষকৈ ভয়াৱহভাৱে ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত সম্প্ৰতি ৰেড জ'ন (Red Zone) ঘোষণা কৰা হৈছে উজনিৰ কেইবাখনো জিলাৰ লগতে যোৰহাট জিলাক ৷ জিলাখনত চলিত থকা আংশিক লকডাউনৰ বাবে বেয়াকৈ প্ৰভাৱিত হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰৰ (Dhekiakhowa Namghar) ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷ তেওঁলোকৰ ব্যৱসায় একেবাৰে স্তব্ধ হৈ আছে বুলিয়ে ক'ব পাৰি ৷

উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্যৰ সকলো ঐতিহাসিক মঠ-মন্দিৰত দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰি থোৱা হৈছে ৷ ব্যৰ্তিক্ৰম নহয় ঢেকীয়াখোৱা বৰ নামঘৰো (Dhekiakhowa Namghar) ৷

মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ সমান্তৰালকৈ বন্ধ হৈ আছে বৰ নামঘৰৰ সমীপৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ যাৰ বাবে উপাৰ্জনহীন হৈ পৰিছে ব্যৱসায়ীসকল ৷ কিয়নো দৰ্শনাৰ্থীৰ ওপৰতে নিৰ্ভৰ কৰে ঢেকীয়াখোৱা বৰ নামঘৰৰ সমীপৰ লোকসকলৰ ব্যৱসায় ৷

বছৰৰ প্ৰতিটো দিনে ঢেকীয়খোৱা বৰ নামঘৰত ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ৷ দৰ্শনাৰ্থীৰ সুবিধাৰ্থে নামঘৰৰ সমীপৰতে স্থানীয় লোকসকলে গঢ়ি তুলিছিল একোখনকৈ হোটেলৰ লগতে বিভিন্ন সামগ্ৰী পোৱা বিপণী ৷ বিশেষকৈ বিপণীসমূহত পোৱা গৈছিল চাকি-বন্তিকে আদি কৰি মাহ-প্ৰসাদ আৰু নামঘৰত প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী ৷

এই বিপণীসমূহ ঢেকীয়াখোৱা নামঘৰৰ সমীপৰ লোকসকলৰ বাবে উপাৰ্জনৰ এক মাত্ৰ সাৰথি বুলিব পাৰি ৷ বিপণীসমূহৰ পৰা উপাৰ্জিত লাভৰ অংশই ঢেকীয়াখোৱা নামঘৰৰ সমীপৰ লোকসকলে পৰিয়াল চলায় ৷

কিন্তু ক'ভিডৰ বাবে দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ হৈ থকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ঢেকীয়াখোৱা বৰ নামঘৰৰ সমীপৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে ৷ ৰাজ্য চৰকাৰে ক'ভিডৰ এই জটিল পৰিস্থিতিত লোকচানৰ সন্মুখীন হোৱা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে কিছু এককালীন সাহাৰ্য দিয়া কথা কৈছে যদিও এই ব্যৱসায়ী সকলে সেই সাহাৰ্য লাভ কৰা নাই ৷ গতিকে ৰাজ্য চৰকাৰক ক'ভিডৰ এই দিন কেইটাত কিছু সাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ঢেকীয়াখোৱা বৰ নামঘৰৰ সমীপৰ ব্যৱসায়ী সকলে ৷

লগতে পঢ়ক: গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.