টীয়ক,20 মে’: সমগ্ৰ ৰাজ্যতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ দ্বিতীয় ঢৌৱে ৷ বিশেষকৈ চাহ বাগিচা অঞ্চলত ক’ভিডৰ সংক্ৰমণে সকলোকে আতংকিত কৰাৰ সময়তে, টীয়কৰ কাকজান চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাৰ চিকিৎসালয়তে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰি এক আদৰ্শ প্ৰদৰ্শন কৰিছে ।
এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ এই কাকজান চাহ বাগিচাত আছে পাঁচটাকৈ ডিভিজন আৰু ইয়াৰ জনসংখ্যা প্ৰায় 13,000 গৰাকী । এই বাগিচাৰ কৰ্মচাৰী তথা শ্ৰমিকৰ সুবিধাৰ্থে বাগিচা কৰ্তৃপক্ষই সকলো চৰকাৰী ক’ভিড নীতি অৱলম্বন কৰি 21 খন বিচনাযুক্ত এটা ক’ভিড ৱাৰ্ড গঠন কৰি ইতিমধ্যে পাঁচগৰাকীকৈ ক’ভিড ৰোগীক চোৱা-চিতা কৰি আছে ।
ইয়াৰ লগতে দুই-এদিনৰ ভিতৰত বাগিচাৰ সকলো শ্ৰমিক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যকৰ্মীসকলে । ইফালে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে বিভিন্ন সময়ত প্ৰাৰম্ভিক ক’ভিড নীতি অৱগত কৰাৰ সমান্তৰালকৈ মাস্ক, চেনিটাইজাৰ আদিও প্ৰদান কৰিছে বাগিচা কৰ্তৃপক্ষই ।
লগতে পঢ়ক : পুনৰ ৰক্তাক্ত কাৰ্বি ভূমি: সন্দেহযুক্ত ডিএনএলএৰ গুলিত নিহত এজন