যোৰহাট, 25 অক্টোবৰ: শাৰদীয় দূর্গা পূজাৰ আজি মহা নৱমী ৷ এইবাৰ পূজাত পূৰ্বৰ উৎসাহ নাই যদিও আজি যোৰহাটত পূজা চাবলৈ পাৰ ভাঙি ওলাই আহিল ৰাইজ ৷ স্বাস্থ্য বিভাগে সৰ্তক বাণী দিয়াৰ পিছতো নৱমীৰ দিনটোত যোৰহাটত সাধাৰণ ৰাইজে ভংগ কৰিলে চৰকাৰী নিৰ্দেশনা ৷ ষষ্ঠীৰ পৰা অষ্টমীৰ দিনলৈকে বতৰে বিধি পথালি দিয়াৰ বাবে চহৰখনত দৰ্শনাৰ্থীৰ বিশেষ ভিৰ পৰলক্ষিত হোৱা নাছিল যদিও নৱমীৰ দিনটোত যোৰহাট চহৰত দেখা গল ভক্তৰ ব্যাপক ভিৰ ৷ বহুতৰে মুখত নাই মাস্ক, নাই কোনো সামাজিক দুৰত্ব ৷
ইয়াৰ মাজতে মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গল প্ৰশাসনৰ লোক ৷ একাংশক বাধ্য কৰোৱা হৈছে মাস্ক পৰিধান কৰিবলৈ ৷ চৰকাৰী নিয়ম অনুসৰি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বাধ্যতামূলক আছিল যদিও এই সকলো নিয়ম অমান্য কৰাৰ বাব যোৰহাটত পুনৰ ক'ভিডৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে সচেতন মহলে ৷
লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল