ETV Bharat / state

যোৰহাটত ধাৰাবাহিকভাৱে বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা

author img

By

Published : Jul 16, 2020, 5:58 PM IST

কৰ’ণা ভাইৰাছৰ হট স্পটলৈ পৰিণত হৈছে যোৰহাট জিলা ৷ জিলাখনত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ ইতিমধ্যে জিলাখনত ভাইৰাছবিধত আক্ৰান্ত হৈছে 513 গৰাকী ব্যক্তি ৷

covid 19 positive patient increases day by day at jorhat assam etv bharat news
যোৰহাটত বৃদ্ধি কৰ’ণা ৰোগী

যোৰহাট, 16 জুলাই: যোৰহাটত ভয়ংকৰভাৱে বৃদ্ধি পাব ধৰিছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ জিলাখনত প্ৰতিদিনেই প্ৰায় 50-70 গৰাকীলৈ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ ইতিমধ্যে এই সংখ্যাই স্পৰ্শ কৰিছে 513 গৰাকীৰ সংখ্যা ৷ এই সংখ্যা বৃদ্ধিৰ পিছতে জিলা প্ৰশাসনে অনিৰ্দিষ্টকাললৈ জিলাখনত জাৰি কৰিছে লক ডাউন ৷ কিন্তু এই লক ডাউনৰ সময়ছোৱাত পুৱা 7 বজাৰ পৰা দিনৰ 12 বজালৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণীসমূহ খোলাৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰিছে প্ৰশাসনে ৷ কিন্তু পুনৰ বৃহস্পতিবাৰে 50 গৰাকী লোকৰ দেহত উপস্থিতি ধৰা পৰে Covid 19 ৰ ৷

যোৰহাটত বৃদ্ধি কৰ’ণা ৰোগী

ইতিমধ্যে কনটেইণ্টমেণ্ট জ’ন হিচাপে পৰিচিত এলেকাসমূহত কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলৰ মাজত বৰ্হিপ্ৰকাশ ঘটিছে ক্ষোভৰ ৷ কিয়নো বিগত 9 জুলাইত জিলা প্ৰশাসনে কনটেইণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰা এলেকাসমূহত খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে,কৰ্তব্যত নিয়োজিত আশাকৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি খাদ্য সামগ্ৰী যোগানৰ পিছতহে 15 গৰাকীকৈ আক্ৰান্ত লোকক প্ৰেৰণ কৰা হ’ব চিকিৎসালয়লৈ ৷

লগতে চাওকঃ কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.